NORTHEAST NOW (Assamese)
অসম

‘হিমা দেশৰ দুৰন্ত প্ৰতীক’ : হিমাৰ ঘৰত উপস্থিত হৈ কৃষি মন্ত্রী অতুল বৰা

Posted by: মিণ্টু দাস September 3, 2018 8:01 am
Atul bora in Hima das home.docx photo

এছিয়ান গেমছত তিনিটাকৈ পদক আজুৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা স্বৰ্ণ কন্যা হিমাৰ অভূতপূৰ্ব সফলতাক কেন্দ্ৰ কৰি বৰ্তমানেও জন্মভূমি ধিঙত অব্যাহত আছে আনন্দৰ বন্যা। প্ৰতি দিনে পুৱাৰ পৰা গধুলিলৈকে হিমাৰ ধিং কান্ধুলীমাৰীস্থিত বাসগৃহলৈ সোঁত বৈছে অগণন শুভাকাংক্ষীৰ। সকলোৱে হিমাৰ সফলতাৰ বাবে পিতৃ-মাতৃ আৰু বৰমাক-বৰদেউতাকক জনাইছে শুভেচ্ছা তথা অভিনন্দন।

দেওবাৰে বিয়লি হিমাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পিতৃ-মাতৃ আৰু বৰমাক-বৰ দেউতাকক ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে অসম গণ পৰিষদ দলৰ হৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক ভৱেন ভৰালীয়ে।

হিমাৰ এনে সফলতাকলৈ যথেষ্ট সুখী আৰু আনন্দিত হোৱা বুলি মন্তব্য কৰি কয় বৰাই কয় যে হিমা হ’ল দেশৰ দুৰন্ত প্ৰতীক। ধিং কান্ধুলীমাৰীৰ দৰে এখন সৰু গাঁৱৰ পৰা গৈ হিমাই দেশলৈ আজি যি বিৰল সন্মান কঢ়িয়াই আনিলে তাকলৈ আজি প্ৰতিজন দেশবাসী গৌৰাৱাম্বিত হ’ল।

কেৱলমাত্ৰ সেয়াই নহয়, হিমাৰ এনে সফলতাই অনাগত দিনত দেশৰ উঠি অহা নতুন প্ৰজন্মক আৰু উৎসাহিত কৰিব বুলি উল্লেখ কৰি তেওঁ আৰু পুনৰ কয় যে হিমা হৈছে দেশৰ ভৱিষ্যতৰ এথলেটছ। অহা অলিম্পিকলৈ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে হিমা সাজু হ’ব পাৰে তাৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে ধিং কান্ধুলীমাৰী যিহেতু এটা কৃষিজীৱি অঞ্চল আৰু কৃষি অৰ্থনীতিৰ ওপৰতে নিৰ্ভৰশীল হোৱাৰ উপৰি হিমাৰ পিতৃও যিহেতু এজন আদৰ্শবান খেতিয়ক, সেয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি হিমাৰ পিতৃ আৰু স্থানীয় ৰাইজে সেই অঞ্চলত এটা শীতলীকৰণ ভঁ‌ড়াল আৰু পথাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলি মন্ত্ৰীজনক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰ গ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয় যে এই বিষটো মই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছো আৰু অতি সোনকালে এইখিনি কৰাৰ চেষ্টা কৰিম। মই কিদৰে এই ক্ষেত্ৰত আগবাঢ়িব পাৰো সেয়া মই বিভাগীয় বিষয়া-কৰ্মচাৰীৰে আলোচনা কৰি ইয়াৰ কাৰ্যকৰী ৰূপ দিয়াৰ চেষ্টা কৰিম বুলি আশ্বাস প্ৰদান কৰে।

তেওঁ লগতে কয় যে হিমাৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীৰ লগতে হিমাৰ পৰিয়ালক অভিনন্দন জনায় অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকা, অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰঞ্জন বৰা, অগপৰ মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী মামনি বৰা আদিয়ে।