NORTHEAST NOW (Assamese)
অসম

বাক্সাত বন্য হস্তীৰ আক্ৰমণ ; ১ জনৰ মৃত্যু, যেনেতেনে প্ৰাণ ৰক্ষা আন এজনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2023 8:30 pm

আজি বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। 

খবৰ অনুসৰি পথাৰত থকাৰ অৱস্থাত বনৰীয়া হাতীয় দুজন লোকক আক্ৰমণ কৰে। 

ঘটনাটোত হৰেণ বড়ো নামৰ এজন ব্যক্তিক হাতীটোৱে আক্ৰমণ কৰাৰ ফলত ব্যক্তিজন নিহত হয়।

লগতে,কল্পজ্যোতি দাস নামৰ  আন এজন ব্যক্তিক হাতীটোৱে আক্ৰমণ কৰিবলৈ খেদি যায় যদিও ওচৰতে থকা এখন নদীত জঁপিয়াই ব্যক্তিজন প্ৰাণ ৰক্ষা কৰে।

ইফালে বন বিভাগৰ বিষয়া আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হৰেণ বড়োৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখ্য যে, যোৱা মাহতো ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপত অৱস্থিত জয়পুৰত হাতীৰ জাক এটাৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছিল।

জানিব পৰা মতে, কাষৰীয়া দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে ফুনু ওৰাঙৰ বাসগৃহত আক্ৰমণ কৰে।