NORTHEAST NOW (Assamese)
ক্ৰীড়া

থমকিল ইষ্ট বেংগল: অভিলেখ ১৭বাৰৰ বাবে ডুৰাণ্ড কাপত চুমুক দিলে মোহন বাগানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 3, 2023 8:01 pm
Durand Cup

দুই বংগ শক্তি; ভাৰতীয় ফুটবলত এই দুই বংগ শক্তিৰ আছে একচেতিয়া আধিপত্য। কেৱল সিমানেই নে, এই দুই শক্তিৰ মুখামুখি মানেই ভাৰতীয় ফুটবল অনুৰাগীৰ উৎকণ্ঠিত মুখ; এয়া দশক দশক পুৰণি চিনাকি দৃশ্য, যি এতিয়াও সামৰি ৰাখিছে ভাৰতীয় ফুটবলক।

এই দুই বংগ শক্তিৰে তীব্ৰ প্ৰতিদ্বদন্দিতাই আজি পুনৰ এবাৰ ভাৰতীয় ফুটবলক দিলে প্ৰাণ। আৰু অৱশেষত তীব্ৰ প্ৰতিদ্বন্দ্বী ইষ্ট বেংগলক পৰাস্ত কৰি ঐতিহাসিক ডুৰাণ্ড কাপৰ খিতাপ দখল কৰিলে মোহন বাগান ছুপাৰ জায়েণ্টে।

খেলৰ প্ৰায় আধাঘণ্টা সময় ধৰি ১০ জন খেলুৱৈৰেই ইষ্ট বেংগলক ৰুদ্ধ কৰি একমাত্ৰ গলৰ ব্যৱধানত অভিলেখ সংখ্যক ১৭ বাৰৰ বাবে মোহন বাগানে জয় কৰিলে ডুৰাণ্ড কাপ। ৭১ মিনিটত দিমিট্ৰি পেট্ৰাট’ছৰ গলে মোহন বাগানক দিয়ে আকাংক্ষিত বিজয়।

তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ মেচখনৰ প্ৰথমাৰ্ধ সমাপ্ত পৰে গলশূন্যভাৱে। দ্বিতীয়াৰ্ধতো আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে ৬১ মিনিটত জেভিয়াৰ চিভেৰিঅ’ক বিধিনিষিদ্ধ ফাউল কৰি ৰেড কাৰ্ড খাব লগীয়া হয় মোহন বাগানৰ অনিৰুদ্ধ থাপাই।

এনে অৱস্থাত স্বাভাৱিকতেই বিপদত পৰে ভাৰতীয় ফুটবল ইতিহাসৰে মহাশক্তিধৰ দলটো। পিছে এই দহজনীয়া শক্তিৰেই প্ৰতিপক্ষ ইষ্ট বেংগলৰ সৈতে তুমুল যুঁজত অৱতীৰ্ণ হয় দলটো আৰু পেট্ৰাট’ছৰ গলটোৰেই নিশ্চিত কৰে বিজয়।

লক্ষণীয়ভাৱে, ডুৰাণ্ড কাপৰ ইতিহাসত দ্বাদশ বাৰৰ বাবে ফাইনেলত মুখামুখি হৈছিল মোহন বাগান আৰু ইষ্ট বেংগল। এই দুই শক্তিয়েই ঐতিহাসিক প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈ আহিছে।

দুয়োটা দলে ইতিপূৰ্বে ১৬ বাৰকৈ ডুৰাণ্ড কাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল যদিও আজিৰ সাফল্যৰ পিছত ইষ্ট বেংগলক অতিক্ৰম কৰিবলৈ সক্ষম হয় মোহন বাগান।