NORTHEAST NOW (Assamese)
দেশ

বিয়াঘৰত কমিল ৰসগোল্লা: হ’ল কাজিয়া, চিকিৎসালয়ত ভৰ্তি ৬ জন লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2023 5:29 pm
Fight Over Rasgulla

উত্তৰ প্ৰদেশৰ এক বিবাহ অনুষ্ঠান। বিয়াঘৰত আপ্যায়নৰ বাবে অনা ৰসগোল্লা অতিথিৰ বাবে হৈ পৰিল কম। ৰসগোল্লাৰ এই অভাৱক লৈ সংঘটিত হ’ল কাজিয়া আৰু এই কাজিয়াৰ পৰিণতিত আহত হ’ল ৬ জন লোক।

দেওবাৰে মাজনিশা উত্তৰ প্ৰদেশৰ চামচাবাদ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এই কাজিয়াৰ পৰিণতিত আহত হোৱা ৬ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া অৱস্থাৰো সৃষ্টি হয়।

অৱশ্যে আটাইকেইজনেই সম্প্ৰতি সংকটমুক্ত বুলি জানিবলৈ দিছে আৰক্ষীয়ে। লগতে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে বুলি চামচাবাদ আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিছে।

আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, দেওবাৰে ব্ৰজভান কুশৱাহা নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত বিবাহ অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। বিবাহথলীতে এজন ব্যক্তিয়ে ৰসগোল্লাৰ অভাৱ হোৱা বুলি এটা মন্তব্য আগবঢ়াইছিল।

ইয়াৰ ফলতে কাজিয়া আৰম্ভ হয় আৰু ছয়গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।