NORTHEAST NOW (Assamese)
অসম

“মই ঠিকে আছোঁ মা” : ৬০ ফুট গভীৰ সুৰংগত আৱদ্ধ শ্ৰমিকে পঠিয়ালে বাৰ্তা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2023 5:33 pm

সোমবাৰে পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছিল যে তেওঁলোকৰ পৰিয়ালৰ সদস্য সৌভিক পাখিৰা আৰু জয়দেৱ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ আছে। 

তেওঁলোক কেনে আছে, কিবা খাবলৈ পাইছেনে নাই তাকে লৈ চিন্তিত হৈ পৰিছিল সৌৰভ পাখিৰা আৰু জয়দেৱৰ পৰিয়াল।

অৱশেষত ৬০ ফুট তলৰ সুৰংগত আৱদ্ধ তেওঁলোকৰ ভিডিঅ’ বাৰ্তা পাই উৎফুল্লিত হৈ পৰিছে পৰিয়াল দুটা।

আজি পাইপলাইনলৈ প্ৰেৰণ কৰা কেমেৰাৰ দ্বাৰা সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিডিঅ’ পোহৰলৈ আহিছে। 

সুৰংগটোৰ ভিতৰত শ্ৰমিকসকলে হাত জোকাৰি থকা দেখা গৈছে। ইজনে সিজনৰ লগত কথা পাতি আছে শ্ৰমিক সকলে। 

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি এক্স হেণ্ডেলত লিখিছে, “আমি সকলো শ্ৰমিকক নিৰাপদে উদ্ধাৰৰ বাবে যুদ্ধকালীন সতৰ্কতামূলক কাম কৰি আছো।”

ভিডিঅ’টোত দ্বাৰা গম পোৱা গৈছে যে সুৰংগত আৱদ্ধ শ্ৰমিক সকলৰ চকুত আৰু ভয় নাই। বিশ্বাস, আশা বাঢ়িছে। মনৰ শক্তি বাঢ়িছে। এতিয়া তেওঁলোক বৰ সুখী। যথেষ্ট আন্তৰিকতাৰে পুত্ৰৰ লগত কথা পাতিছে দুয়োটা পৰিয়ালৰ পিতৃ-মাতৃয়ে।