NORTHEAST NOW (Assamese)
দেশ

অতীত হ’ব ‘ইণ্ডিয়া’! জি-২০ সন্মিলনৰ নিমন্ত্ৰণী পত্ৰত ‘প্ৰেচিডেণ্ট অৱ ভাৰত’

Posted by: এন ই নাও নিউজ , গুৱাহাটী Updated by: এন ই নাও নিউজ , গুৱাহাটী September 5, 2023 1:54 pm
President of Bharat

বিগত কিছুদিন ধৰি দেশৰ নামক লৈ ৰাজনৈতিক মহলত চলিছে যথেষ্ট জল্পনা-কল্পনা। মূলত: শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ লক্ষ্যৰে বিৰোধীয়ে গঠন কৰা মিত্ৰজোঁটক ‘ইণ্ডিয়া’ নামাকৰণ কৰাৰ পিছতে আৰম্ভ হৈছে এই চৰ্চা।

বিৰোধী মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ ৰূপে ঘোষণা কৰাৰ পিছতে দেশৰ নাম পৰম্পৰাগতভাৱে চলি অহা ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’হে হ’ব লাগে বুলি ৰাজনৈতিক চৰ্চা আৰম্ভ কৰে বিজেপিয়ে। এক টুইট যোগে প্ৰথমে এই বিতৰ্ক আৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এনে চৰ্চাৰ মাজতে এইবাৰ ইণ্ডিয়াৰ পৰিৱৰ্তে দেশক ভাৰত ৰূপে পৰিচয় দিয়াৰ আনুষ্ঠানিকতাৰ দিশে আগবাঢ়িছে। এই দিশত প্ৰথমটো পদক্ষেপ হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিক ‘প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘প্ৰেচিডেণ্ট অৱ ভাৰত’ ৰূপে সম্বোধন কৰা হৈছে।

চলিত সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতিসকলক আমন্ত্ৰণৰ বাবে প্ৰেৰণ কৰা পত্ৰত আনুষ্ঠানিকভাৱে ‘প্ৰেচিডেণ্ট অৱ ভাৰত’ শব্দটো ব্যৱহাৰ কৰা হৈছে।

mvc2456o

এই কাৰ্য স্বাভাৱিকতেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ নামকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন হিচাপে বিবেচিত হৈছে। এই কাৰ্যৰ সমৰ্থনত প্ৰশাসনিক বিষয়াসকলে যুক্তিও আগবঢ়াইছে। তেওঁলোকৰ মতে, দেশৰ সংবিধানতো “ভাৰত” শব্দটো আছে।

ইফালে ‘প্ৰেচিডেণ্ট অৱ ভাৰত’ এ এতিয়া সৃষ্টি কৰিছে ৰাজনৈতিক বিতৰ্কৰ। বিজেপিয়ে এই পদক্ষেপক আদৰণি জনোৱাৰ বিপৰীতে বিৰোধীয়ে এনে পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক টুইট যোগে এই প্ৰসংগ উল্লেখ কৰে।

ৰমেশে সংবিধানৰ ১ নং অনুচ্ছেদ এতিয়া পৰিৱৰ্তন হ’ব বুলি আঙুলিয়াই দি ভাৰতৰ সংঘীয় চৰিত্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰে।

লক্ষণীয়ভাৱে, মাত্ৰ দুদিন পূৰ্বে দেশক ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত বুলি নামাকৰণ কৰাৰ পৰামৰ্শ দিছিল শাসকীয় বিজেপিৰ মতাদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। এতিয়া আৰ এছ এছৰ এই পৰামৰ্শই কাৰ্যত: প্ৰতিষ্ঠিত হোৱাৰ দিশে বুলি চৰ্চা আৰম্ভ হৈছে।