NORTHEAST NOW (Assamese)
অসম

আজি বৰপেটাৰ তিনিগৰাকী হেভিৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন

Posted by: এন ই নাও নিউজ April 3, 2019 10:51 am
Barpeta LS candidate

অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা ৰাজ্যৰ অন্যতম সমষ্টি ৬নং বৰপেটা লোকসভা সমষ্টিৰ বাবে আজি তিনিজনকৈ হেভিৱেইট প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন দাখিল কৰিব।

অগপ-বিজেপিৰ মিত্ৰজোঁটৰ হৈ অগপ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে আজি নিজৰ মনোনয়ন দাখিল কৰিব।

অগপ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা, বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও অগপ আৰু বিজেপিৰ নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকেও আজি মনোনয়ন দাখিল কৰিব। জানিব পৰা মতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিলৰ সময়ত বিশাল সমদল উলিয়াব। আৰু তেওঁৰ লগত থাকিব অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী।

ইফালে আজিৰ দিনটোতে এ আই য়ু ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামেও অসংখ্য সমৰ্থকৰ উপস্থিতিত মনোনয়নপত্ৰ দাখিল কৰিব বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে। মনোনয়ন দাখিলৰ সময়ত এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ লগতে আন বহুতো বিধায়ক উপস্থিত থকাৰ সম্ভাৱনা আছে।