NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহা শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ চৰকাৰৰ

Posted by: এন ই নাও নিউজ April 3, 2019 12:09 pm
secretariat

ৰাজ্যিক কৰ্মচাৰীসকলক শীঘ্ৰে মাৰ্চ মাহৰ দৰমহা আদায় দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে বিত্ত বিভাগৰ তৰফৰ পৰা সকলো চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াবৰ্গক নতুন বিত্তীয় বৰ্ষৰ অধীনত দৰমহা আদায় দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

ইয়াৰ উপৰি ৰাজ্যৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ অধীনস্থ স্বায়ত্ত পৰিষদসমূহৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো দৰমহাৰ বিল প্ৰস্তুত কৰি অনলাইনযোগে প্ৰধান সচিবসকলৰ ওচৰত দাখিল কৰিবলৈ বিত্ত বিভাগৰ ফালৰ পৰা একে নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে মাৰ্চ মাহৰ দৰমহা লাভ কৰাত কোনো কৰ্মচাৰীয়ে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এনে ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা বুলি জনিব পৰা গৈছে।