NORTHEAST NOW (Assamese)
দেশ

INDIAৰ নামাকৰণত বিজেপি ‘নাৰ্ভাচ’ বাবেই ইণ্ডিয়া-ভাৰত বিতৰ্ক! দাবী লালুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2023 4:57 pm
India vs Bharat

দেশৰ নাম এতিয়াৰ পৰা আৰু ইণ্ডিয়া নাথাকে, দেশৰ চিনাকি হ’ব কেৱল ভাৰত হিচাপেই! শেহতীয়া কিছুদিন ধৰি দেশৰ ৰাজনীতিত আটাইতকৈ চৰ্চিত হৈ আছে এই বিতৰ্ক।

G-20 বৈঠকৰ বাবে ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণী পত্ৰত ‘প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘প্ৰেচিডেণ্ট অৱ ভাৰত’ ৰূপে উল্লেখ কৰাৰ পিছতে ইণ্ডিয়া-ভাৰত বিতৰ্ক ব্যাপক হৈ পৰিছে।

এই বিতৰ্ক শিখৰত থকাৰ মুহূৰ্ততে ভাৰত-ইণ্ডিয়া বিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে।

লালু যাদৱৰ মতে, বিৰোধী মিত্ৰজোঁট INDIA ৰ বাবে ভাৰতীয় জনতা পাৰ্টি ‘নাৰ্ভাছ’ হৈ পৰিছে আৰু তেওঁলোকে যিকোনো বিবাদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত লালু প্ৰসাদ যাদৱে কয়, “আমি INDIA মিত্ৰজোঁট গঠন কৰিছো। গতিকে বিজেপি নাৰ্ভাছ। সেয়ে তেওঁলোকে যিকোনো কথাৰ অৱতাৰণা কৰিছে।”

ইফালে তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনৰ পুত্ৰ উধয়ানিধি ষ্টেলিনৰ সনাতন ধৰ্ম সম্পৰ্কীয় মন্তব্যই সৃষ্টি কৰা বিতৰ্ক সন্দৰ্ভতো বয়োজ্যেষ্ঠ নেতাগৰাকীয়ে টিপ্পনী দিয়ে।

লালুৰ মতে, ভগৱান শ্ৰীকৃষ্ণ সৰ্বশক্তিমান তথা মহান আৰু ভগৱান শ্ৰীকৃষ্ণইহে এই সমস্যাৰ সমাধান বিচাৰি পাব।