NORTHEAST NOW (Assamese)
Popular Stories

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ সাঁতোৰবিদ আস্থা চৌধুৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2023 4:48 pm

হিমা, লাভলীনা,নয়ণমণি,যমুনা আদিৰ পিছত এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সাঁতোৰবিদ আস্থা চৌধুৰীয়ে। 

দেওবাৰে অনুষ্ঠিত হোৱা ২য় স্পীডো ইনভিটেশ্যনেল লং কোৰ্চ মিট ২০২৩ (Speedo Invitational Long Course Meet 2023)ত স্বৰ্ণ পদক লাভ কৰি ডুবাইত জিলিকি উঠিছে অসমৰ কন্যা আস্থা চৌধুৰী।

সূত্ৰই জনোৱা মতে, ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্ট মাত্ৰ ২.১৯.৯৬ মিনিটত সম্পন্ন কৰি অভিলেখ সৃষ্টি কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় আস্থা চৌধুৰী।

উল্লেখ্য যে আজি সমাপ্ত হোৱা এই প্ৰতিযোগীতাত আস্থা চৌধুৰীয়ে লাভ কৰা এইটো দ্বিতীয়টো স্বৰ্ণ পদক।

শনিবাৰে আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰফ্লাই মহিলা প্ৰতিযোগিতাত ১.০১.৯৮ মিনিটত অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক লাভ কৰে।

উল্লেখ্য যে ২০ আৰু ২১ মে’ত ডুবাইৰ হামডান স্প’ৰ্টছ কমপ্লেক্সত দুদিনীয়াকৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইয়াৰ পূৰ্বে ২০২২ চনৰ অক্টোবৰ মাহত বাংগালুৰুত অনুষ্ঠিত ৪৭ সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ নেশ্যনেল একুৱাটিক চেম্পিয়নশ্বিপত আস্থাই ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।