NORTHEAST NOW (Assamese)
Popular Stories

ভয়ানক অগ্নিকাণ্ড : জুইত জাহ গ’ল ১৩০ বছৰীয়া বিদ্যালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2023 5:18 pm

দেওবাৰে পুৱতি নিশা মেঘালয়ৰ ৰাজধানী শ্বিলঙত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ১৩০ বছৰ পুৰণি খাছি জয়ন্তীয়া প্ৰেছবিটেৰিয়ান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।  

ঘটনাস্থলীত উপস্থিত হোৱা প্ৰত্যক্ষদৰ্শীৰ মতে, কাষৰ বৰ্ডিং হাউচত বাস কৰা নিবাসীসকল জুইৰ পৰা ৰক্ষা পৰে আৰু লগে লগে কমিউনিটি হল মিছন কম্পাউণ্ডলৈ তেওঁলোকক স্থানান্তৰিত কৰা হয়।

উল্লেখ্য যে জুই লাগি থকাৰ সময়ত বিদ্যালয়খনৰ শিক্ষক, হোষ্টেলৰ নিবাসী সকলে গীৰ্জাৰ বয়োজ্যেষ্ঠসকলৰ নেতৃত্বত প্ৰাৰ্থনা কৰি আছিল। অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন কৰাৰ পিছত সকলোকে পুনৰ হোষ্টেললৈ লৈ যোৱা হৈছিল।

জানিব পৰা মতে এই অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি যদিও এতিয়ালৈকো কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই। 

১৮৯২ চনত স্থাপিত খাছি জয়ন্তীয়া প্ৰেছবিটেৰিয়ান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন শ্বিলং পৌৰসভাৰ এলেকাত অৱস্থিত।