NORTHEAST NOW (Assamese)
Popular Stories

‘নতুন শিক্ষা নীতিয়ে সকলো ভাৰতীয় আঞ্চলিক ভাষাক শক্তিশালী কৰিব’; কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 3:24 pm
index

দেশৰ নতুন শিক্ষা নীতিয়ে সকলো ভাৰতীয় ভাষাকে শক্তিশালী কৰি তুলিব। দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰিছে।

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে প্ৰৱৰ্তন কৰা দেশৰ নতুন শিক্ষা নীতিৰ ফলত সকলো ভাৰতীয় ভাষাকে সংৰক্ষণ, বিকাশ আৰু সমৃদ্ধিশালী কৰিব পৰা যাব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে মাতৃভাষা অভিব্যক্তি প্ৰকাশৰ আটাইতকৈ শক্তিশালী মাধ্যম বুলিও মন্তব্য কৰে।

“আমাৰ নতুন শিক্ষা নীতিত মোদী চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰতিফলিত হোৱাৰ লগতে সকলো ভাৰতীয় ভাষাকে সংৰক্ষণ, বিকাশ আৰু সমৃদ্ধিশালী কৰি আগুৱাই নিব।” কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে টুইটাৰৰ যোগে আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে সকলোকে শুভেচ্ছাও প্ৰদান কৰিছে।