NORTHEAST NOW (Assamese)
দেশ

ৰাম মন্দিৰ উদ্বোধনৰ পিছতে হ’ব পাৰে আন এক গোধৰা কাণ্ড! আশংকা থাকৰেৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2023 12:17 pm
Ram mandir

আগন্তুক ২৪ ৰ আৰম্ভণিতে মুকলি হ’ব পাৰে অযোধ্যাৰ ৰামমন্দিৰ। যোৱা তিনিটা দশক ধৰি দেশৰ ৰাজনীতিত এক চৰ্চাৰ বিষয় হৈ অহা ৰামমন্দিৰৰ উদ্বোধনীৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ সাৱধানবাণী শুনাইছে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই।

থাকেৰৰ আশংকা, ৰাম মন্দিৰ উদ্বোধনৰ বাবে সমগ্ৰ দেশৰ পৰা বহু লোক উত্তৰ প্ৰদেশৰ অযোধ্যাত একত্ৰিত হ’ব আৰু এই লোকসকলৰ প্ৰত্যাৱৰ্তন যাত্ৰাৰ সময়ত গোধৰাৰ দৰে আন এক হিংসাত্মক কাণ্ড সংঘটিত হ’ব পাৰে।

এক অনুষ্ঠানত বক্তব্য ৰাখি থাকৰে কয় যে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে চৰকাৰে বাছ আৰু ট্ৰাকত বৃহৎ সংখ্যক লোকক নিমন্ত্ৰণ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ উভতনি অহাৰ সময়ত গোধৰাৰ দৰেই এক কাণ্ড সংঘটিত হ’ব পাৰে।

উল্লেখ্য যে, ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত অযোধ্যাৰ পৰা সবৰমতী এক্সপ্ৰেছত উভতনি যাত্ৰা কৰা কৰ সেৱকক গুজৰাটৰ গোধৰা ষ্টেচনত আক্ৰমণ কৰাৰ পিছতে সৃষ্টি হৈছিল দেশৰ ৰাজনীতিৰ এক ক’লা অধ্যায় গোধৰা কাণ্ড।

গোধৰা কাণ্ডৰ দৰে এই ভয়াৱহ সংঘৰ্ষৰ উৎপত্তিৰ আঁৰৰ এনে পৰিস্থিতিৰ কথা সোঁৱৰাই উদ্ধৱ থাকৰেই কৰা এই সাৱধানবাণী যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। ইফালে এই অনুষ্ঠানতে থাকৰেই বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকো তীব্ৰ সমালোচনা কৰে।

থাকৰেৰ মতে, বিজেপি আৰু আৰ এছ এছৰ ওচৰত আদৰ্শ হিচাপে ল’ব পৰা আইকন নাই আৰু সেয়ে তেওঁলোকে চৰ্দাৰ পেটেল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে কিংবদন্তিক নিজা আদৰ্শত অন্তৰ্ভুক্ত কৰি লৈছে।

বিজেপি-আৰএছএছে এতিয়া উদ্ধৱ থাকৰেৰ পিতৃ বাল থাকৰেৰ উত্তৰাধিকাৰৰ ওপৰতো দাবী উত্থাপন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে তেওঁ।