NORTHEAST NOW (Assamese)
অসম

ওড়িশাৰ হোটেলৰ কোঠাত উদ্ধাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৱাহাটী শাখাৰ মহাপ্ৰবন্ধকৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2019 10:04 am
representing image

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৱাহাটী শাখাৰ মহাপ্ৰবন্ধক আশিষ ৰঞ্জন চামলে ওড়িশাৰ জাজপুৰৰ এখন হোটেলত আত্মহত্যা কৰা বুলি শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ওড়িশাৰ জাজপুৰ জিলাৰ নৰহৰিপুৰ গাঁৱৰ বাসিন্দা চামলে বৃহস্পতিবাৰে মাতৃক লগ কৰাৰ উদ্দেশ্যে নিজ বাসগৃহলৈ গৈছিল।

‘‘মাতৃক সাক্ষাৎ কৰাৰ পাছত চামলে ভুৱনেশ্বৰলৈ তেওঁৰ পত্নী আৰু পুত্ৰক লগ কৰিবলৈ গৈছিল,’’ আৰক্ষীয়ে কয়।

‘‘তেওঁৰ পত্নী কলিংগ ইনষ্টিটিউট অব মেডিকেল চায়েঞ্চৰ এগৰাকী চিকিৎসক আৰু পুত্ৰ দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে,’’ আৰক্ষীয়ে লগতে কয়।

পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে এখন হোটেলত চামলে থাকিবলৈ যায় আৰু শুকুৰবাৰে ৰাতিপুৱা হোটেলৰ কৰ্মচাৰীয়ে মতাৰ পাছতো যেতিয়া তেওঁৰ কোঠাৰ পৰা কোনোধৰণৰ সহাৰি অহা নাছিল তেতিয়া হোটেলখনৰ বিভাগীয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে।

হোটেল কৰ্তৃপক্ষৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ চামলক চিলিং ফেনত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে।

হোটেলৰ প্ৰবেশৰ সময়ত জমা দিয়া পৰিচয় পত্ৰৰ সহায়ত চামলক চিনাক্ত কৰা হয়।

‘‘আমি আত্মহত্যাৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ বাবে তদন্ত চলাই আছো,’’ বৰচানা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক কুমাৰ জেনাই কয়।