NORTHEAST NOW (Assamese)
দেশ

কি হৈছে কোটাত! পুনৰ NEETৰ প্ৰস্তুতি চলাই থকা ১৬ বৰ্ষীয় ছাত্ৰীৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2023 5:15 pm
suicide in Kota

ৰাজস্থানৰ কোটাত পুনৰ ছাত্ৰৰ আত্মহত্যা। NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী ১৬ বৰ্ষীয় ছাত্ৰীয়ে নিজ কোঠাত আত্মহত্যা কৰে।

প্ৰকাশিত খবৰ অনুসৰি, নিহত ছাত্ৰীগৰাকী ৰাঁচীৰ বাসিন্দা। কোটাত ব্লেজ হোষ্টেল নামৰ এক আবাসত বাস কৰিছিল ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে, ক’চিং কেন্দ্ৰখ্যাত কোটাত চলিত বৰ্ষৰ মাত্ৰ ৮ মাহৰ ভিতৰতে ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে।

ৰাজস্থান আৰক্ষীৰ তথ্য অনুসৰি, ২০২২ চনত এই সংখ্যা আছিল ১৫, ২০১৯ চনত ১৮, ২০১৮ চনত ২০, ২০১৭ চনত ৭, ২০১৬ চনত ১৭, আৰু ২০১৫ চনত ১৮।

২০২০ চনত কোটাত কোনো ছাত্ৰ আত্মহত্যাৰ খবৰ পোৱা নাছিল। আনহাতে ২০২১ চনত ক’ভিদ মহামাৰীৰ বাবে বন্ধ আছে ক’চিং কেন্দ্ৰসমূহ।

কোটাত বৃদ্ধি পোৱা এনে আত্মহত্যাৰ ঘটনাৰ বাবে জিলা প্ৰশাসনে সকলো হোষ্টেলৰ কোঠাত স্প্ৰিং লোড ফেন স্থাপন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল।

ইফালে ৰাজস্থান উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বিশেষকৈ কোটাত ক’চিং প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যা ৰোধ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ বিচাৰিছে।

শিশুৰ মানসিক পৰামৰ্শৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আদালতে ৰাজস্থান কোচিং ইনষ্টিটিউট (কণ্ট্ৰল এণ্ড ৰেগুলেচন) বিল ২০২৩ প্ৰৱৰ্তনৰ বিষয়ে বিবেচনা কৰিছে।