NORTHEAST NOW (Assamese)
দেশ

শোকাৱহ: মেৰামতিৰ বাবে ৰখাই থোৱা বাছত খুন্দা দ্ৰুতবেগী ট্ৰাকৰ, ১১ গৰাকী নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2023 4:04 pm
accident

ৰাজস্থানৰ ভাৰতপুৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। মেৰামতিৰ বাবে ৰখাই থোৱা এখন বাছত এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ১১ জন লোকে।

এই ভয়াৱহ দুৰ্ঘটনাত ১২ জন লোক আহতো হয়। আৰক্ষীয়ে সদৰী কৰা মতে, পুৱা প্ৰায় ৪.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ৰাজস্থানৰ পুষ্কৰৰ পৰা উত্তৰ প্ৰদেশৰ বৃন্দাবন অভিমুখে গৈ আছিল বাছখন।

যাত্ৰাপথতে বাছখনত বিজুতি ঘটাৰ বাবে এখন ফ্লাই অভাৰৰ ওপৰতে ৰখাই থোৱা হৈছে। বাছখনৰ চালক আৰু কিছু যাত্ৰী বাছখনৰ পিছফালে থিয় হৈ থকাৰ সময়তে দ্ৰুতবেগী ট্ৰাকখনে বাছখনত খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে ৫ জন পুৰুষ যাত্ৰী আৰু ৬ গৰাকী মহিলাৰ মৃত্যু হয়। ঘটনাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰি নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আৰোগ্য কামনা কৰে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে বুলি বুলি জানিবলৈ দিছে আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই।