NORTHEAST NOW (Assamese)
Popular Stories

কাল্পনিক নহয় এলিয়েন! প্ৰদৰ্শিত হাজাৰ বৰ্ষীয় এলিয়েনৰ মৃতদেহ, বিশ্বজুৰি চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 14, 2023 12:28 pm
Alien Corpses Displayed At Mexico

এলিয়েল কোনো কল্প কথা নহয়, বাস্তৱিকতে বিশ্ব ব্ৰহ্মাণ্ডত আছে এলিয়েন! এলিয়েন অৰ্থাৎ বহিৰ্জগতৰ প্ৰাণীৰ উপস্থিতি এতিয়া সন্দেহৰ কথা নহয়, কাল্পনিক কথাছবিত দেখুওৱা চেহেৰাৰ দৰেই সাইলাখ চেহেৰাৰ এলিয়েনৰ উপস্থিতি নিশ্চিত হৈছে!

কেৱল সিমানেই নহয়, এলিয়েনৰ মৃতদেহো আছে অক্ষত অৱস্থাত! প্ৰদৰ্শিত হৈছে বিশ্ববাসীৰ আগত! মেক্সিকো কংগ্ৰেছে বিশ্ববাসীক হতবাক কৰি মঙলবাৰে প্ৰদৰ্শন কৰে দুই এলিয়েনৰ মৃতদেহ। লাইভ ষ্ট্ৰীমত প্ৰদৰ্শন কৰা এই অনুষ্ঠানে এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কাঁচৰ বাকচত ভৰাই থোৱা এই দুই মৃত এলিয়েন আনুমানিক ১০০০ বছৰীয়া বুলি দাবী কৰা হৈছে। এই অনুষ্ঠানৰ উপস্থাপন কৰে সাংবাদিক আৰু ইউফ’লজিষ্ট জেইম মৌছানে। মৌছানে উল্লেখ কৰা মতে, এই দুই মৃতদেহ কোনো ইউ এফ অ’ৰ ধ্বংসাৱশেষত উদ্ধাৰ কৰা নাই।

তেওঁ উল্লেখ কৰা মতে, ডাইটম খনিত পোৱা গৈছিল এই দুই মৃতদেহ আৰু পিছলৈ ইয়াক জীৱাশ্ম কৰা হৈছিল। এই অনুষ্ঠানতে ইউ এফ অ’ আৰু অচিনাক্ত কিছু পৰিঘটনাৰ দৃশ্য থকা কেইবাটাও ভিডিঅ’ও প্ৰদৰ্শন কৰা হৈছিল।

মৌছানে নিজ বক্তব্যত উল্লেখ কৰা মতে, মৃতদেহ দুটাৰ ডি এন এৰ নমুনা পৰীক্ষা কৰি অন্যান্য ডি এন এ নমুনাৰ সৈতে তুলনা কৰা হৈছিল আৰু দেখা গৈছে যে ৩০ শতাংশতকৈ অধিক ডি এন এ নমুনা অজ্ঞাত।

তদুপৰি অনুষ্ঠানটোত মৃতদেহকেইটাৰ এক্স-ৰেও প্ৰদৰ্শন কৰা হৈছিল। এই এক্স-ৰেত এটা মৃতদেহৰ ভিতৰত বিৰল ধাতুৰ ইমপ্লাণ্টৰ সৈতে কণীৰ উপস্থিতি দেখা পোৱা বুলি দাবী কৰা হৈছে।

আমেৰিকানছ ফৰ ছেফ এৰ’স্পেচৰ কাৰ্যবাহী সঞ্চালক তথা আমেৰিকাৰ নৌসেনাৰ প্ৰাক্তন পাইলট ৰিয়ান গ্ৰেভছও উপস্থিত আছিল।

উল্লেখ্য যে, কেইমাহমান পূৰ্বে আমেৰিকাৰ ডেভিদ গ্ৰুচ নামৰ এগৰাকী প্ৰাক্তন চোৰাংচোৱা বিষয়াৰ দাবীক কেন্দ্ৰ কৰিও ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। গ্ৰুচে আমেৰিকা চৰকাৰৰ হাতত কিছু অক্ষত আৰু আন কিছু আংশিকভাৱে ক্ষতিগ্ৰস্ত বহিৰ্জগতৰ বাহন আছে বুলি দাবী কৰিছিল।