NORTHEAST NOW (Assamese)
অসম

সাংসদ তপন গগৈ ক’ভিড পজিটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 2, 2020 9:58 pm
Assam MP Topon Gogoi tests Covid19 positive

কোভিড-১৯ ত আক্ৰান্ত হৈছে সাংসদ তপন গগৈ।

আজি এন্টিজেন টেষ্টত তেওঁৰ দেহত ধৰা পৰে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

তপন গগৈয়ে ফেচবুক পোষ্টযোগে জনাইছে এই কথা।

“মই  আজি ক’ভিড ১৯ ত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছোঁ । এইকেইদিন মোৰ লগত যোগাযোগত অহা সকলোকে ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনালোঁ ।” নিজৰ ফেচবুক পোষ্টত এইদৰে কয় সাংসদ গৰাকীয়ে।

সকলোৱে স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মানি সজাগ আৰু সতৰ্ক থাকিবলৈ আহ্বান জনায় গগৈয়ে।

উল্লেখযোগ্য যে,অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা  ১১১৭২৪ জন ৷

ৰাজ্যত সম্প্ৰতি ২৫৯৪৮ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৮৫৪৫৮। মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা –  ৩১৫ গৰাকী।