NORTHEAST NOW (Assamese)
জীৱনশৈলী

বীয়েৰৰ লগত নাখাব এইকেইটা খাদ্য, অন্যথা পৰিণাম ভুগিব লাগিব আপুনি 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2023 7:50 pm

এই প্ৰচণ্ড গৰমৰ দিনকেইটাত দেহা শাঁত পেলাবলৈ বহুতৰে বাবে বীয়েৰ একপ্ৰকাৰৰ প্ৰিয় পানীয়। পচন্দ অনুসৰি সকলোৱে বীয়ৰৰ লগত পৰিৱেশন কৰিবলৈ বিভিন্ন ধৰণৰ খাদ্য যোগাৰ কৰে। ইয়াৰ ভিতৰত থাকে – মাছ, মঙহ, বুট-মগু, চানা, অমলেট, ফলমূল, শুকান ফল ইত্যাদি। 

কিন্তু ইয়াৰে ভিতৰত কিছুমান বিশেষ খাদ্য আছে যিবোৰ বিভিন্ন কাৰণত বীয়েৰৰ সৈতে পৰইৱেশন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এনেবোৰ খাদ্য বীয়েৰৰ লগত পৰিৱেশন কৰিলে আমাৰ স্বাস্থ্যৰ ওপৰত অতি নেতিবাচক প্ৰভাৱ পৰে।

বীয়েৰৰ লগত ভক্ষণ নকৰিবলগা কিছুমান খাদ্যৰ তালিকা তলত দিয়া হ’ল – 

১) টেঙা খাদ্য: কিছুমান মানুহে টেঙা খাদ্যৰ সৈতে বীয়েৰ পান কৰি ভাল পায় যদিও অত্যধিক টেঙা খাদ্যই বীয়েৰৰ সোৱাদ নষ্ট কৰাৰ লগতে হজমী শক্তি হ্ৰাস কৰিব পাৰে। 

২) অতি মিঠা খাদ্য: অতি মিঠা ডেজাৰ্ট বা মিঠাই বীয়েৰৰ লগত সেৱন কৰাতো স্বাস্থ্যৰ বাবে হানিকাৰক। কিয়নো বীয়েৰ হৈছে এবিধ তিতা পানীয়, বীয়েৰৰ লগত মিঠা খালে ই অপকাৰ কৰাৰ সম্ভাৱনা থাকে। 

৩/ ভিনেগাৰ বা চাইট্ৰাছ থকা খাদ্য: প্ৰচুৰ পৰিমাণে ভিনেগাৰ বা ছাইট্ৰাছ থকা খাদ্যৰ সৈতে বীয়েৰৰ যোগ কৰিলে ই এচিডিটিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

৪) চৰ্বি বা তেলযুক্ত খাদ্য: বীয়েৰৰ লগত অত্যধিক চৰ্বি থকা খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিয়নো বীয়েৰত যথেষ্ট পৰিমাণে কলেষ্টৰেল থাকে। আৰু চৰ্বীযুক্ত খাদ্যতো থাকে কলেষ্টৰেল। গতিকে একেলগে ইমানবোৰ কলেষ্টৰেল শৰীৰৰ বাবে উপকাৰী নহয়। 

৫) গাখীৰৰ পৰা তৈয়াৰী খাদ্য : মাখন বা চীজযুক্ত খাদ্য বীয়েৰৰ লগত খাপ নাখায়। তিতা সোৱাদৰ বীয়েৰৰ লগত দুগ্ধজাত খাদ্য খালে ই পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

গতিকে এই সমূহ খাদ্য বীয়েৰৰ লগত পৰিৱেশন কৰা বাদ দিয়ক। যদি আপুনি বাৰ বা ৰেস্তোঁৰাত বীয়েৰ খাবলৈ গৈছে তেন্তে তাত বীয়েৰৰ লগত খোৱা যথোপযুক্ত খাদ্যৰ বিষয়ে সোধপোচ কৰিহে চাকনা অৰ্ডাৰ দিয়ক।