NORTHEAST NOW (Assamese)
অসম

অভিনেতা প্ৰকাশ ৰাজক ইডিৰ চমন; ১০০ কোটি পঞ্জী কেলেংকাৰীক লৈ কৰা হ’ব জেৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2023 8:10 pm

অভিনেতা প্ৰকাশ ৰাজক জেৰাৰ বাবে মাতি পঠিয়াইছে ইডিয়ে। তামিলনাডুৰ এখন স্বৰ্ণ বিপনীৰ বিৰুদ্ধে প্ৰায় ১০০ কোটি টকাৰ পঞ্জী কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকাশ ৰাজে এসময়ত সেই স্বৰ্ণ বিপনীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰিছিল। সেই সূত্ৰেই তেওঁক পঞ্জী কেলেংকাৰিৰ সন্দৰ্ভত জেৰাৰ বাবে চেন্নাইৰ ইডি আঞ্চলিক কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে।

প্ৰণৱ জুৱেলাৰ্ছ হৈছে তামিলনাডুৰ ত্ৰিচিত অৱস্থিত এখন স্বৰ্ণ বিপনী। অৱশ্যে তামিলনাডু আৰু পুডুচেৰীৰ অন্যান্য প্ৰান্তত কোম্পানীটোৰ একাধিক শাখা আছে।

ইডিৰ সূত্ৰ অনুসৰি সোণ ক্ৰয় কৰি বিনিয়োগ কৰিবলৈ আৰু ইয়াৰ বিনিময়ত বিপুল ধন ঘূৰাই দিয়াৰ প্ৰলোভিত কৰি স্বৰ্ণ কোম্পানীটোৱে প্ৰায় ১০০ কোটি টকা সংগ্ৰহ কৰিছে।

লগতে পঢ়কঃ আধা ঘন্টা পলমকৈ হাজিৰ হৈছিল আদালতত; ২ ঘণ্টাৰ বাবে ঘাঁহ কটাৰ শাস্তি দুই আৰক্ষীক!

ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত ইডিৰ বিষয়াসকলে সংস্থাটোৰ সৈতে জড়িত কেইবাটাও ঘৰত তালাচী চলায়। ইডিয়ে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এই বিষয়টোৰ তদন্ত চলাই আছে। এই পৰ্যন্ত তদন্তকাৰীয়ে কিছু নথি-পত্ৰ, প্ৰায় ২৪ লাখ টকা আৰু প্ৰায় ১২ কেজি সোণৰ গহনা উদ্ধাৰ কৰিছে।