NORTHEAST NOW (Assamese)
দেশ

শীঘ্ৰেই বন্দে ভাৰত শ্লীপাৰ আৰু বন্দে ভাৰত মেট্ৰ’: ঘোষণা ৰে’লৱেৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 16, 2023 4:42 pm
Vande Bharat

বন্দে ভাৰত এক্সপ্ৰেছৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ দেশত প্ৰচলন হ’ব বন্দে ভাৰতৰ শ্লীপাৰ আৰু মেট্ৰ’ সংস্কৰণ। অহা বৰ্ষতে বন্দে ভাৰত শ্লীপাৰ আৰু মেট্ৰ’ সংস্কৰণ প্ৰৱৰ্তন কৰিব ভাৰতীয় ৰে’লৱেই।

ৰে’লৱেৰ তথ্য অনুসৰি, বন্দে ভাৰতৰ এই শ্লীপাৰ সংস্কৰণ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে প্ৰৱৰ্তন কৰা হ’ব। আনহাতে মেট্ৰ’ সংস্কৰণৰ দ্বাৰা কম দূৰত্ব অতিক্ৰম কৰাত যাত্ৰীসকলৰ সহায়ক হ’ব।

২০২৪ চনৰ মাৰ্চ মাহত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ প্ৰথমখন শ্লীপাৰ ডবা মুকলি কৰা হ’ব। ইয়াৰ বিপৰীতে জানুৱাৰী মাহৰ ভিতৰতে মেট্ৰ’ৰ চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

বন্দে ভাৰতৰ এই দুয়োটো নতুন সংস্কৰণ চেন্নাইৰ ভাৰতীয় ৰে’লৱেৰ ইন্টিগ্ৰেল ক’চ ফেক্টৰী (ICF) – এ নিৰ্মাণ কৰি আছে।

দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে ডিজাইন কৰা শ্লীপাৰ সংস্কৰণৰ গতিবেগ প্ৰতি ঘণ্টাত ২২০ কিলোমিটাৰ। অৱশ্যে ট্ৰেকত প্ৰতি ঘণ্টাত ২০০ কিলোমিটাৰ বেগত চলিব বুলি বিভাগে সদৰী কৰিছে।

তথ্য অনুসৰি, ৰে’লৱেই ৪০০ খন বন্দে ভাৰত ৰে’লৰ নিবিদা জাৰি কৰিছিল। দিল্লী-মুম্বাই আৰু দিল্লী-কলকাতা ট্ৰেকত বন্দে ভাৰতৰ শ্লীপাৰ ৰে’ল চলাচলৰ পূৰ্বে মেৰামতি কৰা হ’ব।