NORTHEAST NOW (Assamese)
দেশ

‘এক দেশ, এক নিৰ্বাচন’: ২৩ ছেপ্টেম্বৰত সমিতিৰ প্ৰথমখন বৈঠক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 16, 2023 5:44 pm
One Nation One Election

কেন্দ্ৰৰ বহু চৰ্চিত তথা বিতৰ্কিত ‘এক দেশ, এক নিৰ্বাচন’ প্ৰস্তাৱ সন্দর্ভত পৰীক্ষণৰ বাবে গঠন কৰা সমিতিৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক অহা ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।

সমিতিৰ নেতৃত্বত থকা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠকখন। ইয়াৰ লগে লগে সংসদৰ আগন্তুক বিশেষ অধিৱেশনত এই প্ৰস্তাৱ গৃহীত নহয় বুলি প্ৰায় নিশ্চিত হৈছে।

লোকসভা, ৰাজ্যিক বিধানসভা, পৌৰসভা আৰু পঞ্চায়তত একেলগে নির্বাচন অনুষ্ঠিত কৰাৰ প্রসংগ সন্দর্ভত চৰকাৰে পৰীক্ষণ আৰু পৰামৰ্শ আগবঢ়াবলৈ কেন্দ্ৰই গঠন কৰিছিল এই আঠজনীয়া উচ্চস্তৰীয় সমিতি৷

এই সমিতিৰ সদস্য হিচাপে থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদ আৰু বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং।

লগতে লোকসভাৰ প্ৰাক্তন মহাসচিব সুভাষ চি কাশ্যপ, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু প্ৰাক্তন মুখ্য সতৰ্কতা আয়ুক্ত সঞ্জয় কোথাৰী এই সমিতিৰ সদস্য।

আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিশেষ আমন্ত্ৰিত হিচাপে সমিতিৰ বৈঠকত অংশ ল’ব।