NORTHEAST NOW (Assamese)
অসম

আকৌ চৰ্চাত ডিব্ৰুগড়ৰ বকুল বাইপাছ , চলন্ত গাড়ীৰ পৰা গতিয়াই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2023 6:57 pm

ডিব্ৰুগড় জিলাত পথৰ মাজতে এজন লোকে পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ডিব্ৰুগড়ৰ বকুল বাইপাছ পথৰ সমীপত দেওবাৰে সংঘটিত হয় এই ঘটনা।

প্ৰত্যক্ষদৰ্শীৰ মতে, কৃষ্ণ কান্ত নাথ নামৰ লোকজনে চলন্ত গাড়ীৰ পৰা পত্নীক বাহিৰ কৰি জীৱন শেষ কৰাৰ চেষ্টা চলাইছিল। সূত্ৰৰ পৰা জানিব পৰা মতে ভুক্তভোগী পত্নী গৰাকীৰ নাম বৈশালী বৈশ্য।

ডিব্ৰুগড়ৰ ডিকমৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল এই দম্পতীহালে। কিন্তু স্থানীয় ৰাইজৰ হস্তক্ষেপত মহিলাগৰাকীক উদ্ধাৰ কৰা হয়। 

ইফালে অভিযুক্ত স্বামীক পিছত আৰক্ষীয়ে আটক কৰে।