NORTHEAST NOW (Assamese)
অসম

দিহিং-পাটকাইত সংঘৰ্ষ: বনবিভাগৰ গুলীত আহত চোৰাং কাঠ সৰবৰাহকাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2023 9:45 pm
Dehing-Patkai National Park

ডিব্ৰুগড়স্থিত দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ হোকুংগুৰি ৰেঞ্জৰ অন্তৰ্গত বাছাবনালাত কাঠৰ চোৰাং বেহাৰ লগত জড়িত এক চক্ৰৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হয় বন বিভাগৰ। এই সংঘৰ্ষত আহত হয় এজন সন্দেহযুক্ত কাঠ সৰবৰাহকাৰী।

প্ৰকাশিত খবৰ অনুসৰি, অত্যাধুনিক কাঠ কটা মেচিন লৈ সৰবৰাহকাৰীৰ এটা দল গছ কটাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰিছিল। বন বিভাগে এই তথ্য লাভ কৰাৰ পিছত এক অভিযান চলায়।

এই অভিযানৰ সময়ত চোৰাং ব্যৱসায়ী দলটোৰ সৈতে বন বিভাগৰ অভিযানকাৰী দলৰ সংঘৰ্ষ হয় আৰু গুলীচালনাৰ সময়ত এজন কাঠ সৰবৰাহকাৰী গুৰুতৰভাৱে আহত হয়।

ইতিমধ্যে বন বিভাগে নিশ্চিত কৰিছে এই সংঘৰ্ষৰ কথা। চোৰাং দলটো অৰুণাচলৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। স্থানীয় ডি এফ অ’ গৰাকীয়ে উল্লেখ কৰা মতে, ঘটনাস্থলীৰ পৰা এটা ৰাইফল আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

তেওঁ লগতে গুলীত আঘাতপ্ৰাপ্ত সৰবৰাহকাৰীজনক দলটোৰ আন সদস্যসকলে ঘটনাস্থলীৰ পৰা আঁতৰাই নিয়াৰ বাবে তেওঁ মৃত্যু নিশ্চিত কৰিব পৰা নহয় বুলি উল্লেখ কৰে।