NORTHEAST NOW (Assamese)
অসম

পাকিস্তানীৰ সৈতে ‘স্পৰ্শকাতৰ তথ্য বিনিময়’ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ এজন লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2023 10:48 am

পাকিস্তানৰ এজন ব্যক্তিৰ সৈতে “স্পৰ্শকাতৰ তথ্য” শ্বেয়াৰ কৰাৰ অভিযোগত ৰাজ্যৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ওড়িশা আৰক্ষীৰ অপৰাধ তদন্ত বিভাগৰ এটা দলে অসমৰ নগাঁও জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে লোকজনক।

ধৃত ব্যক্তিজনক ইকবাল হুছেইন বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: এছিয়ান গেমছ: তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰি নকআউটত ভাৰতৰ ভলীবল দল

নগাঁৱৰ বটদ্ৰৱা অঞ্চলৰ গেন্দুৱা পথাৰ গাঁৱৰ ঘৰৰ পৰা অসম আৰক্ষীৰ সহযোগত ওড়িশা আৰক্ষীয়ে হুছেইনক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে বেংগালুৰুত কাম কৰি হুছেইন শেহতীয়াকৈ ঘৰলৈ উভতি আহিছিল।

ইকবাল হুছেইনৰ বিৰুদ্ধে আই টি আইনৰ কিছু ধাৰাত গোচৰ ৰুজু কৰিছিল ওড়িশা চি আই ডিয়ে।

লগতে পঢ়ক: সপক্ষে ৪৫৪টা, বিপক্ষে মাত্ৰ ২টা ভোট; লোকসভাত গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

অভিযোগ অনুসৰি হুছেইনে আব্দুল হালিম নামৰ এজন পাকিস্তানী লোকৰ সৈতে “স্পৰ্শকাতৰ তথ্য শ্বেয়াৰ কৰিছিল”।