NORTHEAST NOW (Assamese)
Popular Stories

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 25, 2023 8:25 am

গাড়ীৰ হেডলাইটৰ পোহৰ পোনপটীয়াকৈ চকুত পৰিছিল। তাক লৈয়েই কাজিয়াৰ সূত্ৰপাত। আৰক্ষীৰ চৰত মৃত্যু হ’ল এজন ব্যক্তিৰ। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত।

ৰাজ্যিক সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন কনিষ্টবলৰ সৈতে হোৱা কাজিয়াৰ সময়ত তেওঁ ৫৪ বছৰীয়া এজন ব্যক্তিক চৰ মাৰে। ইয়াৰ পিছতে ব্যক্তিজনে চেতনা হেৰুৱাই মাটিত ঢলি পৰে। চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়।

লগতে পঢ়ক: India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আৰক্ষীৰ মতে, নাগপুৰৰ ৱাথোডা থানাৰ অন্তৰ্গত মাটা মন্দিৰ অঞ্চলত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, অভিযুক্ত নিখিল গুপ্তাই (৩০) তেওঁৰ ভনীয়েকক লগ কৰিবলৈ আহিছিল। তেওঁ গাড়ীখন পাৰ্ক কৰাৰ সময়ত তেওঁৰ গাড়ীৰ হেডলাইটৰ পোহৰ একেটা বাসগৃহৰ এজন বাসিন্দা মুৰলীধৰ ৰামৰাওজী নেৱাৰৰ চকুত পৰিল। তাকে লৈ দুয়োজনৰ মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়। এছ আৰ পি এফ জোৱানজনে কাজিয়াৰ মাজতে প্ৰচণ্ড চৰ শোধায়। লগে লগে মানুহজন মাটিত ঢলি পৰে।

লগতে পঢ়ক: ”যেতিয়াই সুযোগ পাইছিল, তেতিয়াই ব্ৰীজভূষণে”…! দিল্লী আৰক্ষীৰ ভাষ্যত বিপদত বিজেপি সাংসদ

প্ৰত্যক্ষদৰ্শীয়ে লগে লগে নেৱাৰক স্থানীয় চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। শনিবাৰে তেওঁৰ মৃত্যু হয়। ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।