NORTHEAST NOW (Assamese)
অসম

নিৰুদ্দেশ যুৱক, অৱশেষত ভাড়াঘৰৰ শৌচাগাৰত উদ্ধাৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 26, 2023 9:00 pm

গুৱাহাটীৰ নুনমাটিত এজন যুৱকৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, যোৱা ২৩ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন।

যুৱকজনৰ নাম ৰাজা নাৰ্জাৰী । সূত্ৰ অনুসৰি , ৰাজা নাৰ্জাৰীৰ ঘৰ কোকৰাঝাৰত।

ৰাজাই ডি এছ গ্ৰুপত কৰ্মৰত আছিল আৰু এজন সহকৰ্মীৰ সৈতে এটা ভাড়াঘৰত বাস কৰিছিল।

আজি নুনমাটি আৰক্ষীয়ে জয়ন্ত নগৰৰ এটা ভাড়াঘৰৰ শৌচাগাৰৰ দুৱাৰ ভাঙি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। 

কিন্তু কিদৰে যুৱকজনৰ মৃত্যু হ’ল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

ইতিমধ্যে নুনমাটি আৰক্ষীয়ে ৰাজা নাৰ্জাৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়কঃ ৩ ফুট তললৈ বহি গৈছে যোশীমঠ, এন জি আৰ আই প্ৰতিবেদনত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য 

লগতে পঢ়কঃ পিন্ধনত শাৰী-ব্লাউজ : মহিলাৰ চৰিত্ৰত অভিনয় কৰি বলীউড কঁপোৱা অভিনেতাসকল

লগতে পঢ়কঃ বিৰোধীক টেটুচেঁপা! ৰাজস্থানৰ গৃহমন্ত্ৰীৰ বাসগৃহত ইডিৰ অভিযান