NORTHEAST NOW (Assamese)
দেশ

নিলাম কৰা হ’ব জন্মু-কাশ্মীৰত সন্ধান পোৱা লিথিয়াম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 27, 2023 8:00 am

জম্মু-কাশ্মীৰত উদ্ধাৰ হৈছে লিথিয়ামৰ ভাণ্ডাৰ। এইবাৰ চৰকাৰে সেই লিথিয়াম নিলাম কৰিব। চৰকাৰী সূত্ৰ অনুসৰি অহা কেইসপ্তাহমানৰ ভিতৰত লিথিয়াম নিলাম হ’ব। 

আনকি বিদেশী খনিকৰসকলেও লিথিয়াম ক্ৰয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে কেইবাটাও বিদেশী কোম্পানীৰ সৈতে ভাৰত চৰকাৰে কথা-বতৰা পাতিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জম্মু-কাশ্মীৰত ৫৯ লাখ টন লিথিয়াম উদ্ধাৰ হৈছিল। ভাৰতীয় ভূতাত্ত্বিক জৰীপ (GSI) য়ে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এই লিথিয়ামৰ সন্ধান লাভ কৰিছিল। 

ইলেক্ট্ৰিক বাহনৰ বেটাৰী নিৰ্মাণৰ বাবে লিথিয়াম এক গুৰুত্বপূৰ্ণ কেঁচামাল। ইলেক্ট্ৰিক গাড়ীৰ বাবে একমাত্ৰ বিকল্প হ’ল লিথিয়াম বেটাৰী। ই বিভিন্ন উষ্ণতাত অধিক কৰ্মক্ষম আৰু সুৰক্ষিত। ফলত লিথিয়ামৰ চাহিদা বাঢ়িছে। কাৰণ বেটাৰী চালিত গাড়ীৰ চাহিদা বাঢ়িছে।