NORTHEAST NOW (Assamese)
Popular Stories

Asian Games 2023: বিশ্ব অভিলেখ গঢ়ি ৫০ মিটাৰ ৰাইফলত স্বৰ্ণ জয় স্বপ্নিল-ঐশ্বৰ্য-অখিলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2023 10:17 am

শুকুৰবাৰে পুৱা হাংঝু শ্বুটিং ৰেঞ্জত তিনিগৰাকী ভাৰতীয় কন্যাই ৰূপৰ পদক লাভ কৰে। তাৰ পিছতেই তিনি ভাৰত সন্তানে দেশক সোণ উপহাৰ দিলে। এছিয়ান গেমছত বিশ্ব অভিলেখেৰে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ, স্বপ্নিল কুছালে, অখিল শ্বেওৰাণ।

এইবাৰৰ এছিয়াডত শ্বুটিং টিম ইভেণ্টত ভাৰতীয় শ্বুটাৰসকলে ভাল প্ৰদৰ্শন আগবঢ়াইছে। এছিয়ান গেমছত এয়া ভাৰতৰ সপ্তমটো স্বৰ্ণ। আৰু চলিত এছিয়ান গেমছৰ ষষ্ঠ দিনটোত ভাৰতৰ দ্বিতীয়টো পদক।

শ্বুটিঙত ভাৰত অপ্ৰতিৰোধ্য হৈ পৰিছে। ঐশ্বৰ্য-স্বপ্নীল-অখিলে ১৭৬৯ পইণ্টেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। চীন আৰু দক্ষিণ কোৰিয়াৰ শ্বুটাৰসকলে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

লগতে পঢ়কঃ আঘাতৰ বাবে বাহিৰ হ’ল অক্ষৰ, বিশ্বকাপৰ চূড়ান্ত দলত সোমাল অশ্বিন

ভাৰতে মুঠতে শ্বুটিঙৰ পৰা ৫টা সোণৰ পদক লাভ কৰে। এই পৰ্যন্ত দেশে ২৭টা পদক অৰ্জন কৰিছে। শ্বুটাৰসকলে যিদৰে প্ৰদৰ্শন কৰিছে, আৰু পদক অহাটো প্ৰায় নিশ্চিত।

দুদিন পূৰ্বে ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে ১০ মিটাৰ এয়াৰ ৰাইফলত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছিল। দলীয় ইভেণ্টত তেওঁৰ সহযোগত আছিল দিব্যংশ সিং পানৱাৰ আৰু ৰুদ্ৰাংশ পাটিল। দলীয় ইভেণ্ট হ’লেই যেন জিলিকি উঠে ঐশ্বৰ্য। তেওঁ স্বৰ্ণ জয় কৰাৰ লগতে বিশ্ব অভিলেখ গঢ়াৰো অভ্যাস গঢ়ি তুলিছে।

লগতে পঢ়কঃ World Heart Day 2023: কম বয়সতে হাৰ্ট এটেকৰ আঁৰত এটা ডাঙৰ ৰোগ! কি কয় চিকিৎসকে?

শ্বুটিঙত স্বপ্নিল কুছালে আৰু ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে ৫০ মিটাৰ ৰাইফল ৩-পি ব্যক্তিগত ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। স্বপ্নিল আৰু ঐশ্বৰ্যই প্ৰথম আৰু দ্বিতীয় স্থানত অৰ্হতা পৰ্যায় সমাপ্ত কৰিছে। এছিয়ান গেমছ আৰু এছিয়ান অভিলেখ গঢ়িছে। এই দুগৰাকী ভাৰতীয় শ্বুটাৰে আজি ব্যক্তিগত শাখাৰ ৫০ মিটাৰ থ্ৰী পিৰ ফাইনেলত প্ৰৱেশ কৰিব। পদক লাভৰ প্ৰবল সম্ভাৱনাও আছে।

বৰ্তমান এছিয়াড শ্বুটিঙৰ পৰা ভাৰতলৈ আহি আছে ইটোৰ পিছত সিটোকৈ পদক। ভাৰতৰ ঐশ্বৰ্য-স্বপ্নীল-অখিল তিনিজনে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনৰ দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰাৰ পিছতে ভাৰতীয় শ্বুটাৰসকলে দোহা গেমছৰ প্ৰদৰ্শনকো অতিক্ৰম কৰে। কিয়নো ২০০৬ চনত দোহাত ভাৰতীয় শ্বুটাৰে সৰ্বাধিক ১৪টা পদক লাভ কৰিছিল। এইবাৰ ইতিমধ্যে ১৫টা পদক জিকিছে। শ্বুটিঙৰ পৰা অধিক পদকৰ আশা আছে।