NORTHEAST NOW (Assamese)
Popular Stories

এতিয়াই কৰক পৰিকল্পনা, কিয়নো অক্টোবৰত আধা দিনেই বন্ধ থাকিব বেংক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2023 6:28 pm

অক্টোবৰে আনন্দ কঢ়িয়াই আনিছে বেংক কৰ্মচাৰী সকলৰ বাবে। ইয়াৰ বিপৰীতে গ্ৰাহকসকলৰ বাবে কঢ়িয়াই আনিছে  সমস্যা।

অক্টোবৰ মাহটো উৎসৱৰ বতৰ। দুৰ্গাপূজাৰ উপৰিও বিভিন্ন ৰাজ্যত বিভিন্ন উৎসৱ-পাৰ্বনৰ বাবে অক্টোবৰ মাহটোত বন্ধ থাকিব বেংকসমূহ। ৰাজ্যসমূহে নিজৰ স্থানীয় ৰীতি-নীতি আৰু উৎসৱ অনুসৰি এই ৰাজহুৱা বন্ধসমূহ পালন কৰিব। এই কেইদিনত বন্ধ থাকিব ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বেংক। 

শেহতীয়াকৈ ভাৰতৰ চেন্ট্ৰেল বেংকে নিজৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰে বেংক ছুটীৰ বাৰ্ষিক তালিকা। এই তালিকা অনুসৰি অক্টোবৰ মাহৰ আধাতকৈও বেছিদিন বন্ধ থাকিব বেংক। 

কি কি তাৰিখে বন্ধ থাকিব বেংক সমূহ – 

১ অক্টোবৰ : দেওবাৰ

২ অক্টোবৰ : গান্ধী জয়ন্তী (ৰাষ্ট্ৰীয় বন্ধ)

৮ অক্টোবৰ : দেওবাৰ

১৪ অক্টোবৰ : মহালয়া (পশ্চিম বংগ) আৰু  ‘চেকেণ্ড চেটাৰ ডে’।

১৫ অক্টোবৰ : দেওবাৰ

১৮ অক্টোবৰঃ কাতি বিহু (অসম)

২১ অক্টোবৰ : দুৰ্গা পূজা- মহা সপ্তমী (অসম, মণিপুৰ, ত্ৰিপুৰা, আৰু পশ্চিম বংগ)

২২ অক্টোবৰ : দেওবাৰ

২৩ অক্টোবৰ : বিজয়া দশমী (অন্ধ্ৰপ্ৰদেশ, অসম, কৰ্ণাটক, কেৰালা, নাগালেণ্ড, ওড়িশা, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগ)

২৪ অক্টোবৰ : দশহৰা বা বিজয়া দশমী (অন্ধ্ৰ প্ৰদেশ আৰু মণিপুৰ)

২৫ অক্টোবৰ : দশৈন (চিকিম)

২৬ অক্টোবৰ : দশাইন বা যোগদান দিৱস (চিকিম, জম্মু-কাশ্মীৰ)

২৭ অক্টোবৰ : দশৈন (চিকিম)

২৮ অক্টোবৰ : লক্ষ্মী পূজা (পশ্চিম বংগ) আৰু ফৰ্থ চেটাৰ ডে’

২৯ অক্টোবৰ : দেওবাৰ

৩১ অক্টোবৰ : চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী (গুজৰাট)