NORTHEAST NOW (Assamese)
অসম

প্ৰচণ্ড ধুমুহাত কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি: যাতায়াত ব্যৱস্থা ব্যাহত

Posted by: এন ই নাও নিউজ May 9, 2018 12:53 pm
Powerful-Hurricane-Irma-Slams-Into-Florida.jpeg.CROP_.promo-xlarge2-266x200

আজি ৰাতিপুৱা অহা এজাক বিধ্বংসী ধুমুহাই জোকাৰি গ’ল নামনি অসমৰ বিভিন্ন অঞ্চল। ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে অহা বৰষুণৰ ফলত নামনি অসমৰ কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত কেইবাটাও বাসগৃহ বিধ্বস্ত হোৱাৰ উপৰি আন বহু ঘৰৰ টিনপাত উৰুৱাই লৈ যায়।

প্ৰাপ্ত তথ্য মতে ধুমুহাৰ লগতে হোৱা বজ্ৰপাতৰ ফলত জিলাখনৰ গোসাঁইগাঁও, শ্ৰীৰামপুৰ, শিমলুটাপুকে ধৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা যায়।

ধুমুহাই জিলাখনৰ শ্ৰীৰামপুৰ, তামাৰহাটত বহু পৰিয়ালৰ ঘৰ–দুৱাৰৰ ক্ষতিসাধন কৰাৰ লগতে বিনষ্ট কৰে শ শ হেক্টৰ খেতিপথাৰ।

জানিব পৰা মতে প্ৰচণ্ড বেগেৰে অহা ধুমুহাত পথৰ ওপৰতে বহু গছ–গছনি ভাগি পৰাত জিলাখনৰ বিভিন্ন প্ৰান্তত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ উপৰি বৈদ্যুতিক খুঁটা উভালি পৰাত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে।

অৱশ্যে এই পৰ্যন্ত ধুমুহাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি সদৰী কৰিছে প্ৰশাসনীয় সূত্ৰই।