NORTHEAST NOW (Assamese)
Popular Stories

ড্ৰাই ডে’ নামানে! সুৰাৰ বটল চুৰি কৰি সাফৰ খুলি সুৰাত মগন হ’ল বান্দৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 3, 2023 7:00 pm
Monkey steals liquor

বন্য জন্তুৰ ভিতৰত বান্দৰক আটাইতকৈ ধূৰ্ত জন্তু হিচাপে গণ্য কৰা হয়। নানা আজৱ কৰ্ম-কাণ্ডৰে মাজে মাজে এই কথাষাৰ প্ৰমাণো কৰি আহিছে বান্দৰে। এনে এক কাণ্ডৰেই সম্প্ৰতি তোলপাৰ লগাইছে এটা বান্দৰে।

সোমবাৰে গান্ধী জয়ন্তীৰ বাবে সমগ্ৰ দেশতে ঘোষণা কৰা হৈছিল ড্ৰাই ডে’। পিছে প্ৰশাসনৰ নীতি যেন মানিবলৈ বাধ্য নহয় এই বান্দৰটি। বাধ্য নহয় মানে যেন সুৰা নহ’লেই নহয়, নামানে ডিঙিয়ে!

সেয়ে চুৰি কৰিয়েই সুৰাৰ বটল খুলি সুৰাত মগন হ’ল বান্দৰটো। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। আমোদজনক এই কাণ্ড সংঘটিত হৈছে কানপুৰত।

ভিডিঅ’টোত বান্দৰটোৱে বাইকত বহি বেগ এটা খুলি সুৰাৰ বটল এটা উলিয়াই খুলিবলৈ চেষ্টা কৰা দেখা গৈছে। কানপুৰৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে ঘটনাটি।

আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰখাই থোৱা আছিল কেইবাখনো আৰক্ষী বাইক। ইয়াৰে এখনত ওলোমাই থোৱা হৈছিল এটা বেগ। বেগৰ ভিতৰত আছিল দুটা সুৰাৰ বটল।

হঠাতে এটা বান্দৰে সেই বাইকখনত উঠে আৰু বেগটোৰ পৰা সুৰাৰ বটল উলিয়াই আনে। মুখেৰে কামুৰি বটলটোৰ সাঁফৰ খোলাৰ চেষ্টা চলায় বান্দৰটোৱে।

এই ঘটনা দেখি কোনোৱে চিঞৰ-বাখৰ কৰাত বান্দৰটোৱে সেই ঠাইৰ পৰা পলায়ন কৰে। এই ঘটনাই এফালে আমোদৰ সৃষ্টি কৰাৰ লগতে আনফালে আকৌ বিতৰ্কৰো সৃষ্টি কৰিছে।

ড্ৰাই ডে’ৰ দিনা আৰক্ষীৰ বাইকতে কিদৰে সুৰাৰ বটল ওলাল, এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কানপুৰৰ যুটীয়া আয়ুক্ত আনন্দ প্ৰকাশ তিৱাৰীয়ে এই বিষয়ত তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছে।