NORTHEAST NOW (Assamese)
অসম

সাংবাদিকৰ বিৰুদ্ধে অভিযানক ধিক্কাৰ অসম নাগৰিক সমাজৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 3, 2023 9:05 pm
raids against journalists

আজি পুৱা দেশৰ কেইগৰাকীমান প্ৰসিদ্ধ সাংবাদিক আৰু সমাজকৰ্মীৰ দিল্লী আৰু মুম্বাইৰ বাসস্থানত দিল্লী পুলিচে চলোৱা আকস্মিক অভিযানক ধিক্কাৰ জনাইছে অসম নাগৰিক সমাজে।

এক বিবৃতি যোগে অসম নাগৰিক সমাজে এই ঘটনাত স্তম্ভিত হৈ পৰাৰ লগতে আশ্বৰ্য প্ৰকাশ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

সাংবাদিক ক্ৰমে ভাসা সিং, উৰ্মিলেশ, প্ৰবীৰ পুৰকায়স্থ, পৰাঞ্জয় গুহ ঠাকুৰতা, অভিসাৰ শৰ্মা, অনিন্দ্য চক্ৰৱৰ্তী, মহেশ কুমাৰ সুবোধ বাৰ্মা, অদিতি নিগম, মুকুন্দ ঝাৰ গৃহত চলোৱা হৈছিল অভিযান।

শিক্ষাবিদ সোণালী হাছমী, সমাজকৰ্মী তিস্তা চেতলবাদ আৰু কৌতক অভিনেতা সঞ্জয় ৰাজৌৰাৰ ঘৰতো দিল্লী আৰক্ষীয়ে অভিযান চলাইছিল।

এই অভিযান কুখ্যাত ইউএপিএ আইনৰ অধীনত তৰা এটা গোচৰৰ ভিত্তিত কৰা হৈছে আৰু ইয়াৰ লগত নিউজক্লিক নামৰ সংবাদ প্ৰতিষ্ঠানলৈ বিদেশী পুঁজি বিনিয়োগৰ লগত সম্পৰ্ক থকা বুলি অভিযোগ কৰা হৈছে।

নাগৰিক সমাজৰ বিবৃতি মতে, নিউজক্লিকে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে সম্পূৰ্ণ বৈধ উপায়েৰে এই ধন লাভ কৰিছে আৰু এই সম্পৰ্কীয় সকলো নথি-পত্ৰ দিল্লী উচ্চ ন্যায়ালয়ত জমা দিয়া হৈছে।

এনে অৱস্থাত এয়া দেখদেখকৈয়ে নিৰ্ভীক সাংবাদিকৰ কণ্ঠ ৰোধ, মানৱ অধিকাৰ উলংঘন আৰু বাক স্বাধীনতা খৰ্বৰ এক জলন্ত উদাহৰণ বুলি অভিযোগ কৰিছে অসম নাগৰিক সমাজে।

“আমি আৰক্ষীৰ এনে আতিশয্যক তীব্ৰভাবে গৰিহনা দিওঁ আৰু সকলো শুভবুদ্ধিসম্পন্ন গণতান্ত্ৰিক ব্যক্তিক ইয়াৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাওঁ।”— বিবৃতিটোত নাগৰিক সমাজে কয়।