NORTHEAST NOW (Assamese)
অসম

দুৰ্যোগত বিপৰ্যস্ত ছিকিমৰ পৰা উদ্ধাৰ কৰা হৈছে ১৪০ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2023 11:14 am

প্ৰাকৃতিক দুৰ্যোগগ্ৰস্ত উত্তৰ-পূবৰ ৰাজ্য ছিকিমৰ পৰা ১৪০ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে।

অসমৰ পৰা যোৱা আৰু ছিকিমত অধ্যয়ন কৰা ১৪২ জন ছাত্ৰ-ছাত্ৰীক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে।

দেওবাৰে (০৮ অক্টোবৰ) ছিকিমৰ পৰা ১৫০ গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৪ অক্টোবৰত হ্ৰদ বিস্ফোৰণৰ ফলত হোৱা আৱতৰীয়া বিধ্বংসী বানত ছিকিমত আৱদ্ধ হৈ পৰিছিল অসমৰ প্ৰায় ১৬০ জন ছাত্ৰ-ছাত্ৰী।

লগতে পঢ়কঃ গুৱাহাটীৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন জিএমচিৰ প্ৰাক্তন কাউন্সিলাৰ, ব্যৱসায়ী কল্যাণ দাস

অসম চৰকাৰে বানক্ৰান্ত ছিকিমলৈ জ্যেষ্ঠ বিষয়াক প্ৰেৰণ কৰিছিল যাতে তাত আৱদ্ধ হৈ থকা ৰাজ্যৰ পৰা যোৱা ছাত্র-ছাত্রীসকলক নিৰাপদে ঘূৰি অহাটো নিশ্চিত কৰিব পাৰি৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিষয়াসকলে ছিকিমৰ “ৰংপো আৰু মাজিতাৰৰ পৰা আমাৰ ১৬০ জন ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাৰ কাম চোৱাচিতা কৰিব”।

ছিকিমত দুৰ্যোগৰ মাজত আৱদ্ধ অসমৰ ছাত্ৰ-ছাত্ৰীৰ সাহায্য আৰু উদ্ধাৰ অভিযান চোৱাচিতা কৰিবলৈ এম এন দহল, দেৱাশীষ বৰা আৰু হিমাংশু দাসকে ধৰি অসম চৰকাৰ তথা আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ এটা দল ছিকিমত উপস্থিত হৈছিল।

লগতে পঢ়কঃঅধিক সুন্দৰী হোৱাৰ বাসনা! প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ‘ল অভিনেত্ৰী জেকলিনৰ; সাৱটিলে মৃত্যুক

ইফালে ছিকিমত বিধ্বংসী বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে। এতিয়াও সন্ধানহীন হৈ আছে ১৪০ জনতকৈ অধিক লোক।

ছিকিম চৰকাৰৰ তথ্য অনুসৰি ১১৭৩টা ঘৰৰ ভীষণ ক্ষতিসাধন হোৱাৰ লগতে ২৪১৩ জন লোকক উদ্ধাৰ কৰা হৈছে।