NORTHEAST NOW (Assamese)
Popular Stories

অধিক সুন্দৰী হোৱাৰ বাসনা! প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ‘ল অভিনেত্ৰী জেকলিনৰ; সাৱটিলে মৃত্যুক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2023 10:32 am

আৰ্জেণ্টিনাৰ প্ৰাক্তন বিউটি কুইন তথা জনপ্ৰিয় অভিনেত্ৰী জেকলিন কেৰিৰীৰ বাবে কাইলৈ ​​প্লাষ্টিক চাৰ্জাৰী। যোৱা ২ অক্টোবৰত কেলিফৰ্ণিয়াত ৪৮ বছৰ বয়সত মৃত্যুক সাৱটি লয়। জেকলিন দক্ষিণ আমেৰিকাৰ চিনেমা উদ্যোগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁৰ মৃত্যুৰ খবৰ প্ৰথমে প্ৰকাশ কৰিছিল ছান ৰাফেল ভেণ্ডিমিয়াৰ ছ’চিয়েল নেটৱৰ্কে।

জানিব পৰা মতে,অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ চিকিৎসা প্ৰক্ৰিয়াৰ সময়ত তেজ জমা হোৱাটোৱে আছিল। ফলত জটিলতাৰ সৃষ্টি হয়। যাৰ ফলত শেষত তেওঁৰ মৃত্যু হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জেকলিনৰ মৃত্যুৰ সময়ত তেওঁৰ কাষত আছিল সন্তান ক্ল’ আৰু জুলিয়ান।

লগতে পঢ়কঃ দিনটো ভালে যোৱাৰ কামনা কৰে নে? তেতিয়াহ’লে পুৱা বিৰত থাকক এনে কৰ্মৰ পৰা

১৯৯৬ চনত আৰ্জেণ্টিনাত অনুষ্ঠিত হোৱা ছান ৰাফেল এন ভেণ্ডিমিয়া আঙুৰ চপোৱা উৎসৱত অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতাত জেকলিনে ৰাণাৰ্ছ আপৰ মুকুট পিন্ধিছিল।

বলীউড আৰু হলিউডৰ বহু তাৰকাই গ্লেমাৰাছ আৰু ধুনীয়া দেখাবলৈ প্লাষ্টিক চাৰ্জাৰীৰ আশ্ৰয় লয়। ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহু তাৰকায়ো প্লাষ্টিক চাৰ্জাৰীৰ কৰাৰ কথা শুনা যায়। ইয়াৰ মাজতে হলিউডৰ পৰা আহিল বেয়া খবৰটো।

আৰ্জেণ্টিনাৰ প্ৰাক্তন সৌন্দৰ্য্য ৰাণী তথা অভিনেত্ৰী জেকলিন কেৰিৰীৰ ৪৮ বছৰ বয়সত মৃত্যু হোৱা বুলি একাধিক বাতৰি প্ৰকাশ পাইছে। কেলিফৰ্ণিয়াৰ লেটিন আমেৰিকাৰ চিনেমাৰ অন্যতম ডাঙৰ নাম জেকলিনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে হলিউডতো।

লগতে পঢ়কঃৰে’লৰ এ চি ডবাত মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে সুৰাপায়ী যুৱকে

জেকলিন কেৰিৰী দীৰ্ঘদিন ধৰি ছান ৰাফেল পেজেণ্টৰ মুকুট পিন্ধা ৰাণী হিচাপে পৰিচিত। যুৱতী হিচাপে তেওঁ ছান ৰাফেল এন ভেণ্ডিমিয়া উৎসৱৰ উপ-ৰাণীও (ভাইচ কুইন) আছিল। জানিব পৰা মতে, কছমেটিক ছাৰ্জাৰী কৰাৰ পিছত তেওঁ বহু সমস্যাৰ সন্মুখীন হৈছিল। হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত মৃত্যু হয় জেকলিনৰ।