NORTHEAST NOW (Assamese)
অসম

বীভৎস মানসিকতা! বোকাখাতত নাবালিকাক ধৰ্ষণ কৰি হত্যা ৫০ বছৰীয়া পাষণ্ডৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2023 6:29 pm

বোকাখাতত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা ঘটনা। বোকাখাতত এজন ৫০ বছৰীয়া ব্যক্তিয়ে এগৰাকী কণমাণি নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে এই ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বোকাখাত আৰক্ষীয়ে। 

জানিব পৰা মতে, বিগত এসপ্তাহ ধৰি নাবালিকাগৰাকী নিৰুদ্দেশ হৈ আছিল। যোৱা ১১ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছিল নাবালিকাগৰাকী। 

তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীয়ে ব্যক্তিজন অপৰাধৰ সৈতে জড়িত থকাৰ কথা জানিব পাৰিছে। 

ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰাৰ অন্তত তেওঁ এই অপৰাধ স্বীকাৰ কৰে।

পৰিয়ালে দাখিল কৰা নিৰুদ্দেশৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৫০ বছৰীয়া ব্যক্তিগৰাকীক।

আৰক্ষীয়ে জনোৱা মতে এই পৈশাচিক কাণ্ড সংঘটিত কৰা ব্যক্তিজনৰ নাম  খগেন মুণ্ডা ওৰফে প্ৰীতম ।

অভিযুক্তই আৰক্ষীক জনোৱা মতে, তেওঁ নাবালিকাগৰাকীক ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত হত্যা কৰিছিল। 

অভিযুক্তই স্বীকাৰোক্তি দিয়া মতে কুৰুৱাবাহী অঞ্চলৰ পৰা নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আইনী প্ৰক্ৰিয়া আগবঢ়াই নিছে।