NORTHEAST NOW (Assamese)
Popular Stories

আজি সমলিংগ বিবাহৰ আবেদনৰ চূড়ান্ত ৰায় ঘোষণা কৰিব উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 17, 2023 9:58 am

সমলিংগ বিবাহৰ আইনী স্বীকৃতি বিচৰা আবেদন সন্দৰ্ভত আজি (মঙলবাৰে) ​​উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিব ৰায়দান। ইয়াৰ পূৰ্বে মে’ মাহত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ৰায়দান স্থগিত ৰাখিছিল।

এই বিচাৰপীঠৰ অংশ ন্যায়াধীশ এছ আৰভাটে কয়, ‘’আমি আইন প্ৰণয়নৰ নিৰ্দেশ দিব নোৱাৰো। নীতি নিৰ্ধাৰণৰ নিৰ্দেশ দিব নোৱাৰো।”

আবেদনখনত কোৱা হৈছে যে, বিবাহে কেইবাটাও অধিকাৰ, বিশেষাধিকাৰ, বাধ্যবাধকতা লৈ আনে। যিটো ‘আইনৰ দ্বাৰা প্ৰদান কৰা আৰু সুৰক্ষিত’।

লগতে পঢ়কঃ ইজৰাইল-হামাছৰ যুদ্ধত নিহত কমেও দুগৰাকী ভাৰতীয় মূলৰ মহিলা; কোন তেওঁলোক?

দিল্লী শিশু অধিকাৰ সুৰক্ষা আয়োগে সমলিংগ বিবাহক স্বীকৃতি দিয়াৰ পোষকতা কৰিছে। শিশুৰ ওপৰত এনে বিবাহৰ প্ৰভাৱৰ বিষয়ত আদালতক সহায় কৰাৰ বাবে হস্তক্ষেপ বিচাৰি আবেদন কৰিছে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰ, নেশ্যনেল চাইল্ড ৰাইটছ এজেন্সি এন চি পি চি আৰ, ইছলামিক নেতাৰ সংগঠন জমিয়ত-উলামা-ই-হিন্দকে ধৰি বিভিন্ন সংগঠনে এই আবেদনৰ বিৰোধিতা কৰিছে।

মুঠ ১৮টা দম্পতীয়ে স্বীকৃতি বিচাৰি আদালতত এই আবেদন দাখিল কৰিছে। শুনানিৰ সময়ত আবেদনকাৰীসকলে যুক্তি দিয়ে যে ভাৰতত এক ‘বিবাহ মুখী’ সংস্কৃতি প্ৰচলিত। তাত সমলিংগ দম্পতীৰ যিকোনো বিপৰীত লিংগৰ দম্পতীৰ দৰেই অধিকাৰ থাকিব লাগে।

লগতে পঢ়কঃ উশাহ ঘুৰাই পালে কেংগেৰুৱে! শ্ৰীলংকাক পৰাস্ত কৰি বিশ্বকাপত জয়ৰ মুখ দেখিলে অষ্ট্ৰেলিয়াই

তেওঁলোকে বিশেষকৈ আৰ্থিক, বেংকিং আৰু বীমাৰ বিষয়, চিকিৎসা, উত্তৰাধিকাৰ, আনকি ‘স্বামী’ৰ মৰ্যাদা নথকা অৱস্থাত দত্তক লোৱা আৰু চেৰ’গেচিৰ সমস্যাও সমাধান কৰিব লাগে বুলি আবেদনকাৰীসকলে আবেদনখনত উল্লেখ কৰিছে।