NORTHEAST NOW (Assamese)
Popular Stories

‘এক অজীৱ সী বেতাবি….’: বিচ্ছেদ বিহ্বল ধাৱানৰ আৱেগিক ব্যাকুলতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2023 1:42 pm
Shikhar Dhawan

কিছুদিনৰ পূৰ্বে সাংসাৰিক বিচ্ছেদ ঘটিছিল ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানৰ। দিল্লী আদালতৰ ৰায়ৰ পিছতে পত্নী ঈশা মুকেৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল ধাৱানৰ। আদালতে অৱশ্যে ভাৰত আৰু অষ্ট্ৰেলিয়াত পুত্ৰ জোৰাভাৰক সাক্ষাতৰ অধিকাৰ দিছিল খেলুৱৈগৰাকীক।

ইয়াৰ উপৰিও আদালতে ঈশা মুকেৰ্জীক পুত্ৰক ভ্ৰমণৰ উদ্দেশ্যে ভাৰতলৈ আনিবলৈও নিৰ্দেশ দিছিল। এনে বিচ্ছেদ বিহ্বলতাৰ মাজতে ধাৱানে ইনষ্টাগ্ৰামত পুত্ৰ জোৰাভাৰৰ সৈতে এক আৱেগিক মুহূৰ্ত শ্বেয়াৰ কৰিছে।

অষ্ট্ৰেলিয়াত থকা ১০ বৰ্ষীয় সন্তান জোৰাভাৰৰ সৈতে ভিডিঅ’ কলৰ মুহূৰ্তৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে ধাৱানে। ছবিখনত জোৰাভাৰে হুডি পিন্ধি থিয় হৈ থকাৰ বিপৰীতে ধাৱানক হাঁহি হাঁহি তেওঁৰ ফালে চাই থকা দেখা গৈছে।

এই আৱেগিক মুহূৰ্তক আৰু অধিক সজীৱ কৰি ফটোখনৰ সমান্তৰালকৈ ধাৱানে লিখিছে প্ৰখ্যাত কবি-গীতিকাৰ গুলজাৰৰ কবিতাৰ এক পংক্তি, “এক অজীৱ সী বেতাবি হ্যেই তেৰে বিন, ৰেহ ভি লেতে হ্যেই অ’ৰ ৰহা ভি নাহি জাতা।”

পুত্ৰৰ সৈতে বিচ্ছেদকালীন এই সময়ছোৱাক এইদৰে আৱেগেৰে প্ৰকাশ কৰি তোলা ধাৱানৰ এই পোষ্টটোক লৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে। জীৱনলৈ অহা সকলো কঠিনতাক হাঁহি মুখে গ্ৰহণ কৰা প্ৰিয় তাৰকাগৰাকীক সংগ দিয়াত হেলা নকৰিলে অনুৰাগীসকলে।

 

 

View this post on Instagram

 

A post shared by Shikhar Dhawan (@shikhardofficial)

কেৱল অনুৰাগী বুলিয়েই নহয়, ধাৱানৰ একালৰ দলীয় সতীৰ্থ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙেও প্ৰেমৰ এক ইম’জিৰে ধাৱানলৈ আগবঢ়ায় সংগ। নেটিজেনসকলেও ছবিখনৰ তলত উপচাই পেলায় মন্তব্যৰে।

“আশাকৰোঁ আমি আপোনালোক দুয়োকে একেলগে দেখা পাম!!”- এজন ব্যৱহাৰকাৰীয়ে কয়। আন এজনে লিখিছে, “জীৱনৰ প্ৰতি আপোনাৰ মনোভাৱ আৰু আপুনি আনৰ বিষয়ে কৰা আৰু কোৱা সকলো কামৰ মই অনুৰাগী।”

আন এগৰাকীয়ে আকৌ ধাৱানক মূল্যৱান ৰত্ন আখ্যা দিয়ে। “আপুনি আটাইতকৈ ধুনীয়া মানুহবোৰৰ ভিতৰত এজন, আপুনি সকলো সুখৰ যোগ্য, আপোনাৰ সন্তানটিৰ লগত অতি সোনকালে থাকিবলৈ পাব!”— এজন ব্যক্তিয়ে মন্তব্য কৰে এইদৰে।

এইদৰে বহু লোকে ধাৱানৰ ব্যক্তিত্ব, তেওঁৰ নিৰ্ভেজাল, মৰমীয়াল, ধৈৰ্য আৰু সহনশীল স্বভাৱক প্ৰশংসাৰে উপচাই পেলায়।