NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত উৎখাত মানৱ সৰবৰাহ চক্ৰ: দুগৰাকী নাবালিকা উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2023 2:30 pm
human trafficking racket bust

ৰাজ্যত সংগোপনে চলি আছে মানৱ সৰবৰাহ ৰেকেটৰ কাৰ্যকলাপ। মৰিগাঁৱত এনে এক অসাধু চক্ৰ উৎখাত হৈছে অসম আৰক্ষীৰ অভিযানত।

আন্তঃৰাজ্যিক এই চক্ৰটোত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দুজন ব্যক্তিক।

আৰক্ষীয়ে সদৰী কৰা মতে, অভিযুক্ত ব্যক্তি দুগৰাকীক মৰিগাঁৱৰ বাবুল আলী আৰু বাছিৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

এই অভিযানৰ সময়ত আৰক্ষীয়ে এই চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰে তেজপুৰৰ দুগৰাকী নাবালিকা কন্যাক।

নাবালিকাকেইগৰাকীক বিক্ৰীৰ উদ্দেশ্যেৰে অভিযুক্তই ৰাজ্যৰ বাহিৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে।

বৰ্তমান উদ্ধাৰ হোৱা নাবালিকা দুগৰাকীক নিৰাপদ স্থানত ৰখা হৈছে আৰু চিকিৎসা কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

ঘটনাৰ তদন্ত অব্যাহত থকাৰ লগতে দুয়োগৰাকী নাবালিকাক শীঘ্ৰে ঘৰলৈ প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।