NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

যুদ্ধ বিৰতি উলংঘা! সীমান্ত সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ পাক সেনাৰ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 18, 2023 6:05 pm

ভাৰত পাকিস্তানৰ সীমান্তত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।যুদ্ধবিৰতি ভংগ কৰিছে পাকিস্তানে।

মঙলবাৰে জম্মু-কাশ্মীৰৰ আৰ্নিয়া ছেক্টৰত পাকিস্তানী ৰেঞ্জাৰসকলে যুদ্ধবিৰতি উলংঘা কৰি গুলীচালনা কৰে। এই গুলীচালনাত আহত হয় ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ দুজনকৈ জোৱান।

খবৰ অনুসৰি মঙলবাৰে বিয়লি জম্মু-কাশ্মীৰৰ আৰ্নিয়া ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা পাকিস্তানী ৰেঞ্জাৰসকলে হঠাতে গুলীচালনা কৰে। এই সংঘৰ্ষত আহত হয় বিএছএফৰ দুজন জোৱান। লগে লগে তেওঁলোকক উদ্ধাৰ কৰি জম্মু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি তাতেই তেওঁলোক চিকিৎসাধীন হৈ আছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, আৰ্নিয়া ছেক্টৰৰ বিক্ৰম পোষ্টৰ সমীপত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, সীমান্তৰ পৰা ৬০ মিটাৰ দূৰত্বত বি এছ এফৰ জোৱান দুজনে বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি আছিল। বিক্ৰম সীমান্ত আউটপোষ্টৰ পৰা সেই ঠাইখনৰ দূৰত্ব আছিল ১৫০০ মিটাৰ। তাত কাম কৰি থকা অৱস্থাতেই পাকিস্তানী সেনাই জোৱান দুজনৰ ওপৰত গুলীচালনা কৰে।

উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল। দুয়োখন দেশেই জম্মু-কাশ্মীৰ আৰু অন্যান্য প্ৰান্তত শান্তিপূৰ্ণ সহাৱস্থানৰ সংকল্পত সন্মতি প্ৰকাশ কৰে। যুদ্ধবিৰতি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে।