NORTHEAST NOW (Assamese)
অসম

অৰুণোদয় নোপোৱা লোকে ২০২৪ ত ৰাজ্যত ধুমুহা বতাহ আনিব – ভূপেন বৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2023 7:25 pm

অৰুণোদয় পোৱা লোকৰ বতাহৰ বিপৰীতে অৰুণোদয় নোপোৱা লোকে ২০২৪ ত ৰাজ্যত ধুমুহা বতাহ আনিব।

অৰুণোদয়ৰ বতাহত কংগ্ৰেছ দল উৰি যাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা বক্তব্যক ওভতি ধৰি এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বুধবাৰে এক ৰাজহুৱা সভাত ভাগ লৈ সভাপতি বৰাই কয় যে ৰাজ্যত অৰুণোদয় পোৱা লোকতকৈ নোপোৱা লোকৰ সংখ্যাহে সৰহ। গতিকে অৰুণোদয়ৰ বতাহে কংগ্ৰেছক উৰুৱাই নিব বুলি মুখ্যমন্ত্ৰীয়ে ভাবি থকা কথাষাৰৰ কোনো অৰ্থই নাই বুলিও তেওঁ মন্তব্য কৰে। 

“অসমত অৰুণোদয় পোৱা লোকতকৈ নোপোৱা লোক বেছি। যদি ৰাজ্যত অৰুণোদয় বতাহ আহে তেন্তে অৰুণোদয় নোপোৱা লোকেহে ধুমুহাৰ সৃষ্টি কৰিব। সেই অৰুণোদয়ৰ ধুমুহা বতাহত বিজেপিৰ পলাই পত্ৰং দিবলৈকো ঠাই নাইকীয়া হৈ পৰিব।” সভাপতি বৰাই কয়। 

অৰুণোদয় নোপোৱা লোকসকলে সৃষ্টি কৰা ধুমুহাত বিজেপি উফৰি গৈ ২০২৪ত কেন্দ্ৰত আৰু ২০২৬ত ৰাজ্যত কংগ্ৰেছ চৰকাৰ আহিলে জাত-পাত, ধৰ্ম, দলৰ বিচাৰ নকৰাকৈ সকলো মহিলাই প্ৰতিমাহৰ ৯ তাৰিখে ‘ন-লখিমী’ আঁচনিৰ অধীনত ২৫০০ টকাকৈ লাভ কৰিব। কংগ্ৰেছ চৰকাৰ আহিলে অসমৰ প্ৰতিঘৰ  লোকে ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও সদৰী কৰে ভূপেন বৰাই। 

শিক্ষিত যুৱক-যুৱতীসকলক চাকৰি নোপোৱালৈকে মাহিলি নিবনুৱা ভাট্টাও কংগ্ৰেছ চৰকাৰে দিব বুলিও ৰাজহুৱা সভাত ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সকলো প্ৰতিশ্ৰুতি কাতি বিহুত ৰোৱা তুলসীজোপাৰ নামত শপত খাই কোৱা বুলিও নিজৰ ভাষণত উল্লেখ কৰে সভাপতি বৰাই।