NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ইজৰাইলৰ বিমান আক্ৰমণত নিহত পেলেষ্টাইনৰ জাতীয় বাহিনীৰ মুৰব্বী জেহাদ মেইচেন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 19, 2023 5:06 pm

গাজাৰ আল-আহলী চিকিৎসালয়ত ৰকেট আক্ৰমণত কমেও ৫০০ লোকৰ মৃত্যু হোৱাৰ পিছত ইজৰাইল-হামাছ যুদ্ধৰ অন্ত পেলোৱাৰ দাবী তীব্ৰতৰ হৈ পৰিছে। 

বৃহস্পতিবাৰে গাজাত ইজৰাইলৰ বিমান আক্ৰমণত পেলেষ্টাইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ মুৰব্বী জেহাদ মেইচেন নিহত হয়। 

হামাছ বাহিনীৰ এক সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি সেইদিনা ইজৰাইলৰ বাহিনীয়ে জেহাদ মেহচেনৰ ঘৰত আক্ৰমণ চলাইছিল। এই আক্ৰমণত মেহচেনৰ উপৰিও তেওঁৰ পৰিয়ালৰ আন কেইবাজনো সদস্য নিহত হয়।

পেলেষ্টাইন সমৰ্থক সংবাদ সংস্থা জেৰুজালেম নিউজ নেটৱৰ্কে প্ৰকাশ কৰা অনুসৰি সেইদিনা ইজৰাইলৰ বায়ুসেনাই গাজাৰ শ্বেইখ ৰাডৱান অঞ্চলত আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ বাবে শ্বেখ ৰাদৱান অঞ্চলৰ প্ৰায় সকলো ঘৰ ধ্বংস হৈ যায়।

ইফালে স্থলপথেৰে গাজা আক্ৰমণ কৰিবলৈ সাজু হৈছে টেল আভিভ। বৃহস্পতিবাৰে পুৱা গাজা সীমান্তৰ দক্ষিণ ইজৰাইলত বৃহৎ সংখ্যক টেংক আৰু সৈন্য মোতায়েন কৰা হয়।