NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ কিং খান! অহা ডিচেম্বৰতে নতুন ছবি ‘ডাংকি’, নতুন পোষ্টাৰ মুকলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2023 11:06 am
Shah Rukh Khan Dunki

বলীউডত ২০২৩ মানে যেন হৈ পৰিছে ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰে বছৰ। মাজতে হেৰুওৱা সাফল্য উভতাই শ্বাহৰুখে চলিত বছৰটোত ইখনৰ পিছত সিখনকৈ দুখন ব্লকবাষ্টাৰ ছবিৰে খলকনি তুলিলে বক্স অফিচত।

এই সাফল্যৰেই শ্বাহৰুখে যেন প্ৰমাণ কৰি দিছে, কিয় তেওঁ বলীউডৰ ‘বাদশ্বাহ’! চলিত বৰ্ষৰ জানুৱাৰী মাহত ‘পাঠান’ৰ জৰিয়তে ছুপাৰষ্টাৰগৰাকীয়ে সৃষ্টি কৰিছিল আলোড়নৰ; হৈছিল ৰাজকীয় প্ৰত্যাৱৰ্তন।

পাঠান ছবিখনে বলীউডত সৃষ্টি কৰিছিল কেইবাটাও অভিলেখ। পাঠানৰ এই সফলতাৰ পিছতে ছবিগৃহলৈ আহিছিল ‘জৱান’। এই ছবিখনে শ্বাহৰুখক দিলে আন এক বৃহৎ সাফল্য।

অভূতপূৰ্ব সফলতাৰে জৱানে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিলে। এই দুয়োখন ছবিয়েই বিশ্বজুৰি উপাৰ্জনৰ ক্ষেত্ৰত হাজাৰ কোটিৰ সীমা অতিক্ৰম কৰিছে। এই আলোড়নৰ মাজতে শ্বাহৰুখে অনুৰাগীৰ বাবে আনিছে আন এক সুখবৰ।

জৱান ছবিৰ সফলতাৰ মাজতে অভিনেতাগৰাকীয়ে ঘোষণা কৰিছিল নতুন ছবিৰ কথা। বৰদিনৰ আশে-পাশেই নতুন ছবিখন ছবিগৃহলৈ আহিব বুলি ঘোষণা কৰিছিল শ্বাহৰুখ খানে। অৰ্থাৎ আন এখন ছবিৰে ২৩ চনটো সফলতাৰে সামৰাৰ পৰিকল্পনা কিং খানৰ।

আহিবলগীয়া এই ছবিখনৰ নাম ইতিপূৰ্বে ঘোষণা কৰিছিল শ্বাহৰুখে। ‘ডাংকি’ নামৰ এই আগন্তুক ছবিখনক লৈ অনুৰাগীৰ মাজতো চলি আছে জল্পনা-কল্পনা। অৱশেষত এই চৰ্চাৰ অৱসান ঘটাই ডাংকিৰ মুক্তিৰ দিন সদৰী কৰা হৈছে।

শনিবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা হৈছে ডাংকিৰ নতুন আন্ত:ৰাষ্ট্ৰীয় প্ৰচাৰৰ পোষ্টাৰ। ইয়াত উল্লেখ কৰা মতে, অহা ২১ ডিচেম্বৰত বিদেশত মুক্তি পাব ‘ডাংকি’। আৰু তাৰ এদিন পিছতে ডাংকি দেশৰ ছবিগৃহলৈ আহিব।

লক্ষণীয়ভাৱে ‘ডাংকি’ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বলীউডৰ এগৰাকী আগশাৰীৰ পৰিচালক ৰাজকুমাৰ হিৰানীৰ সৈতে কাম কৰিব। ছবিখনত তাপসী পান্নু আৰু বোমন ইৰাণীয়ে আন দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব।

জিঅ’ ষ্টুডিঅ’, ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ৰাজকুমাৰ হিৰানী ফিল্মছৰ যৌথ প্ৰযোজনাত নিৰ্মাণ হৈছে ডাংকি। লণ্ডন, বুডাপেষ্ট, জেদ্দা আৰু নেওমৰ দৰে বিদেশৰ চহৰত শ্বুটিং কৰা হৈছে ছবিখনৰ।