NORTHEAST NOW (Assamese)
Popular Stories

জড্ৰানৰ সাহসী ‘ইনিংছ’: পাকিস্তানৰ পৰা বিতাড়িত আফগান শৰণাৰ্থীলৈ উৎসৰ্গা মেচৰ শ্ৰেষ্ঠ সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2023 11:46 am
Ibrahim Zadran Pakistan vs Afghanistan

যোগ্যতাৰ পৰিভাষাক প্ৰমাণিত কৰি সোমবাৰে বিশ্বকাপৰ লীগ মেচত পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানে লাভ কৰিলে ঐতিহাসিক বিজয়। এই আকাংক্ষিত জয়েৰে আফগানিস্তানে চলিত বিশ্বকাপত দ্বিতীয়টো বিজয়ৰ সোৱাদ পায়।

এই ঐতিহাসিক জয়ত আফগানিস্তানৰ অপেনিং বেটাৰ ইব্ৰাহিম জড্ৰানে খেলে এক নান্দনিক ইনিংছ। এই মেচ বিজয়ী ৮৭ ৰাণৰ ইনিংছটোৰ বাবে জড্ৰানে লাভ কৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।

মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান গ্ৰহণ কৰাৰ সময়তে জড্ৰানে পৰিচয় দিয়ে এক সাহসিক স্থিতিৰ। সন্মান লাভৰ ক্ষেত্ৰত নিজৰ অনুভৱ প্ৰকাশ কৰোঁতে জড্ৰানে এই সন্মান উৎসৰ্গা কৰে পাকিস্তানৰ পৰা বিতাড়িত হোৱা আফগান শৰণাৰ্থীসকলৰ নামত।

বঁটা প্ৰদান অনুষ্ঠানত জড্ৰানে কয়, “মই নিজৰ বাবে আৰু নিজৰ দেশৰ বাবে অতি আনন্দিত অনুভৱ কৰিছো।পাকিস্তানৰ পৰা আফগানিস্তানলৈ ঘূৰাই পঠিওৱা আফগানসকলৰ বাবে এই মেন অৱ দ্য মেচৰ বঁটাটো মই উৎসৰ্গা কৰিব বিচাৰো।”

প্ৰকাশিত বাতৰি অনুসৰি যোৱা ২১ অক্টোবৰত পাকিস্তানৰ পৰা ৩২৪৮ জন আফগান শৰণাৰ্থীক একেদিনাই আফগানিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে। পাকিস্তানৰ চৰকাৰী ৰেডিঅ’ত প্ৰকাশ পাইছে এই তথ্য।

পাকিস্তানী কৰ্তৃপক্ষৰ মতে, নথি-পত্ৰবিহীন প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰাৰ সময়সীমা ঘোষণা কৰাৰ পিছৰে পৰা ৫১ হাজাৰতকৈ অধিক আফগানক বিতাড়িত কৰা হৈছে।

পাকিস্তানস্থিত এক সংবাদ পত্ৰৰ প্ৰতিবেদন মতে, পাক চৰকাৰে কেৱল বৈধ পাছপ’ৰ্ট আৰু ভিছা থকাসকলৰ বাদে আনসকলৰ বাবে সীমা অতিক্ৰমৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ সিদ্ধান্ত লৈছে আৰু অহা ১ নৱেম্বৰৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব।

লক্ষণীয়ভাৱে পাকিস্তানত থকা প্ৰায় ১৭.৩ লাখ আফগান লোকৰ আইনী নথি-পত্ৰৰ অভাৱ। এনে পৰিস্থিতিত এই আফগান নাগৰিকসকল পাকিস্তানৰ পৰা বিতাড়িত হোৱাৰ সম্ভাৱনা অধিক।