NORTHEAST NOW (Assamese)
দেশ

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2025 3:43 pm

২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত সংঘটিত ৭.৮ মাত্ৰাৰ ভয়াৱহ ভূমিকম্পৰ পিছত কেৰালাৰ বাওঁপন্থী চৰকাৰে ১০ কোটি টকাৰ মানৱীয় সাহায্য ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বিধানসভাত এক প্ৰস্তাৱ উত্থাপন কৰি এই দুৰ্যোগক’ ভয়াবহতাক বুলি বৰ্ণনা কৰিছিল আৰু তুৰস্কৰ লোকসকলৰ প্ৰতি সংহতি প্ৰকাশ কৰিছিল। ৰাজ্যৰ অৰ্থমন্ত্ৰী কেএন বালাগোপালে এই সাহায্যক ‘মানৱীয় সদিচ্ছাৰ প্ৰতীক’ বুলি উল্লেখ কৰিছিল। কিন্তু ২০২৫ চনত ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত তুৰ্কীয়ে পাকিস্তানক সমৰ্থন কৰি ভাৰতৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে। পাকিস্তানে ভাৰতৰ ওপৰত তুৰ্কীৰ দ্বাৰা সৰবৰাহ কৰা প্ৰায় ৩৫০খন ড্ৰ’ন ব্যৱহাৰ কৰিছিল বুলি জানা গৈছে, যিটো ভাৰতৰ বাবে এক ডাঙৰ কূটনৈতিক আৰু নিৰাপত্তাজনিত বিশ্বাসঘাটকতা হিচাপে গণ্য হৈছে।

শশী থাৰুৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বিষয়ে মন্তব্য কৰি কয়, “তুৰ্কীৰ এই আচৰণৰ পিছত মই আশা কৰোঁ কেৰালা চৰকাৰে তেওঁলোকৰ ভুল উদাৰতাৰ ওপৰত বিবেচনা কৰিব। উল্লেখ্য যে শশী থাৰুৰ আৰু জন বিট্ৰাছ এই প্ৰতিনিধি দলৰ সদস্য হিচাপে বিদেশ ভ্ৰমণত আছে। তুৰস্কৰ পাকিস্তানৰ প্ৰতি সমৰ্থন আৰু কেৰালাৰ পূৰ্বৰ সাহায্যৰ বিষয়ে শশী থাৰুৰ মন্তব্যই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।

ইফালে, চিপিআই (এম)ৰ সাংসদ জন বিট্ৰাছে থাৰুৰৰ সমালোচনাৰ প্ৰত্যুত্তৰত কয়, শশী থাৰুৰৰ মন্তব্য একপক্ষীয়। তেওঁ ভালদৰে জানে যে ২০২৩ চনত কেন্দ্ৰীয় চৰকাৰে ‘অপাৰেচন ডষ্ট’ৰ জৰিয়তে তুৰস্কক ৭ কোটি টকাৰো অধিক সাহায্য প্ৰদান কৰিছিল। বিট্ৰাছে কেৰালাৰ সাহায্যক মানৱীয় পদক্ষেপ বুলি উল্লেখ কৰি কয়, দুৰ্যোগৰ সময়ত কৰা সাহায্যক দুই বছৰ পিছত সন্ত্ৰাসবাদৰ সৈতে জড়িত কৰাটো সঠিক নহয়।” অৰ্থমন্ত্ৰী কে এন বালাগোপালেও একেদৰে কয়, ২০২৩ চনত আমি মানৱীয়তাৰ খাতিৰত তুৰ্কীক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে সাহায্য প্ৰেৰণ কৰা হৈছিল।