গেৰুৱাকৰণ! পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ ঠাইত থাকিব ‘ভাৰত’! প্ৰস্তাৱত অনুমোদন NCERTৰ পেনেলৰ

পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ ঠাইত ‘ভাৰত’ উল্লেখ কৰাৰ এক প্ৰস্তাৱত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পেনেলে এই সংক্ৰান্তীয় এক প্ৰস্তাৱত অনুমোদন জনাই কয় যে পৰিষদৰ পেনেলে বিদ্যালয়ৰ পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ ঠাইত ‘ভাৰত’ উল্লেখ কৰাৰ এক প্ৰস্তাৱ লাভ কৰিছিল আৰু সেই প্ৰস্তাৱত পেনেলে অনুমোদন জনাইছে।
ইমানেই নহয় বিদ্যালয়ৰ পাঠ্যপুথিত ‘প্ৰাচীন ইতিহাস’ক ‘ক্লাছিকেল হিষ্ট্ৰী’ নামকৰণ কৰাৰো পৰামৰ্শ আগবঢ়াইছে পেনেলে। পেনেলৰ অধ্যক্ষ চি আই ইছাকে এই সালসলনিসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ইয়াৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে।
অধ্যক্ষ চি আই আইজাকৰ মতে, পেনেলে পাঠ্যপুথিত ‘ইণ্ডিয়া’ নামটোৰ ঠাইত ‘ভাৰত’ নামটো লিখি পাঠ্যক্ৰমত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ক্লাছিকেল হিষ্ট্ৰী’ৰ প্ৰৱৰ্তন আৰু ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS)ক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।
আইজাকে সংবাদ সংস্থা পিটিআইক কয় যে, “কমিটিয়ে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছে যে শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিত ‘ভাৰত’ নামটো ব্যৱহাৰ কৰিব লাগে। পাঠ্যপুথিত ‘প্ৰাচীন ইতিহাস’ৰ পৰিৱৰ্তে ‘ক্লাছিকেল হিষ্ট্ৰী’ৰ প্ৰৱৰ্তনৰ পৰামৰ্শও আমি দিছো।”
তেওঁ লগতে কয় যে কমিটিয়ে পাঠ্যপুথিত বিভিন্ন যুদ্ধত ‘হিন্দু বিজয়’ৰ ওপৰত আলোকপাত কৰাৰ পৰামৰ্শও দিছে।
ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট’ৰিকেল ৰিচাৰ্চ (আইচিএইচআৰ)ৰো সদস্য আইজাকে আৰু কয়, “আমাৰ ব্যৰ্থতাৰ কথা বৰ্তমান পাঠ্যপুথিত উল্লেখ আছে। কিন্তু মোগল আৰু চুলতানৰ বিৰুদ্ধে আমাৰ বিজয়ৰ কথা উল্লেখ কৰা নাছিল।”
এনচিইআৰটিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ পাঠ্যপুথিৰ পাঠ্যক্ৰম সংশোধন কৰি আছে। শেহতীয়াকৈ পৰিষদে ১৯ জনীয়া ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠদান শিক্ষণ সামগ্ৰী সমিতি (এনএছটিচি) গঠন কৰি ইয়াৰ বাবে পাঠ্যক্ৰম, পাঠ্যপুথি আৰু শিক্ষণ সামগ্ৰী চূড়ান্ত কৰে।
আইজাকে কয় যে কমিটীয়ে সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS) প্ৰৱৰ্তনৰ পৰামৰ্শও আগবঢ়াইছে।