NORTHEAST NOW (Assamese)
দেশ

কন্যাক চুবুৰীয়া ‘হাৰাশাস্তি’, বাধা দিয়াত চুবুৰীয়াৰ আক্ৰমণত মৃত্যু যুৱতীৰ পিতৃৰ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 25, 2023 4:15 pm

দিল্লীৰ সমীপৰ ফৰিদাবাদৰ এক আৱাসিক এলেকাত সংঘটিত হৈছে এক হত্যাকাণ্ড।

প্ৰকাশিত খবৰৰ মতে, সোমবাৰে নিশা ফৰিদাবাদৰ ৮৭ নং ছেক্টৰৰ প্ৰিন্সেছ পাৰ্ক ছচাইটিৰ বাসিন্দা প্ৰেম মেহতা আৰু তেওঁৰ পৰিয়ালৰ সদস্যই আৱাসিক কমপ্লেক্সৰ চৌহদত গৰ্বা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

আৱাসিক কমপ্লেক্সৰ দুজন যুৱকে ডাণ্ডিয়া নৃত্য কৰি থকাৰ সময়ত মেহতাৰ ২৫ বছৰীয়া কন্যাৰ কাষ চাপি আহি ফোন নম্বৰ বিচৰাৰ লগতে তেওঁলোকৰ সৈতে নাচিবলৈও জোৰদবৰদস্তি কৰে।

চকুৰ সন্মুখতে কন্যাক যুৱকদ্বয়ে হাৰাশাস্তি কৰাত প্ৰেম মেহতা বাধা প্ৰদান কৰে। অনুষ্ঠান প্ৰেম মেহতাৰ পত্নী আৰু পুত্ৰও উপস্থিত আছিল। তেওঁলোকে যুৱকদ্বয়ক প্ৰশ্ন কৰে যে তেওঁলোকৰ কন্যাৰ কাষ চাপি কিয় হাৰাশাস্তি কৰিছে।

কিন্তু যুৱকদ্বয়ে যুৱতীগৰাকী পিতৃ প্ৰেম মেহতাৰ সৈতে হতাহতি লাগি কাজিয়াৰ সৃষ্টি কৰে। এটা সময়ত তেওঁলোকে প্ৰেম মেহতাক ঠেলা মাৰি মাটিত বগৰাই দিয়ে। প্ৰেম মেহতা মাটিত বাগৰি পৰাৰ লগে লগে সংজ্ঞা হেৰুৱাই পেলায়। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইফালে আৰক্ষী বিষয়া জমীল খানে প্ৰকাশ কৰা মতে, মেহতাৰ পৰিয়াল অভিযোগৰ পিছতআৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। মেহতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী বিষয়া জমীল মিষ্টাৰ খানে সদৰী কৰিছে