NORTHEAST NOW (Assamese)
অসম

পাক  অধিকৃত কাশ্মীৰ লাগে, গুৱাহাটীত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ সমদল

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক October 26, 2023 9:32 pm

মুছলিম ৰাষ্ট্ৰীয় মঞ্চ-অসম শাখাই বৃহস্পতিবাৰে পাকিস্তানে দখল কৰি থকা কাশ্মীৰক ভাৰতক দখল কৰিবলৈ দাবী জনাইছে। এই দাবীৰে সংগঠনটোৱে গুৱাহাটীত এক সমদলো বাহিৰ কৰে।

সংগঠনটোৱে লগতে জনাইছে যে পাক অধিকৃত কাশ্মীৰ দখলৰ দাবীত তেওঁলোকে ত্ৰিৰঙ্গা যাত্ৰাও কৰিব।

মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ অসম শাখাই বৃহস্পতিবাৰে দিছপুৰত সমদলৰ পাছতে এক সভা অনুষ্ঠিত কৰি সমগ্ৰ অবিভক্ত কাশ্মীৰ ভাৰতৰ ভিতৰত থকাৰ দাবী অব্যাহত ৰাখিব বুলি উল্লেখ কৰে।

অসমত অভিযান শুভাৰম্ভ কৰি ভাষণত পৃষ্ঠপোষক ইন্দ্ৰেশ কুমাৰে কয় যে এম আৰ এম-এ দেশজোৰা আন্দোলন, জনজাগৰণ অভিযান আৰু পাক অধিকৃত কাশ্মীৰ পুনৰ উদ্ধাৰৰ কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিব।

তেওঁ লগতে কয় যে অতি সোনকালে ভাৰতক সঁচা অৰ্থত ভালপোৱা জাতীয়তাবাদী মুছলমানসকলে পাক অধিকৃত কাশ্মীৰত ভাৰতৰ পতাকা উত্তোলন কৰিব।

তেওঁ আৰু কয় যে পাক অধিকৃত কাশ্মীৰ বসবাস কৰা মুছলমানসকল  ব্ৰিটিছে লোৱা বিভাজনৰ সিদ্ধান্তৰ বাবে সুখী নহয়।

এম আৰ এম-অসম প্ৰদেশৰ আহ্বায়ক অলকাছ হুছেইনে ভাষণ দি কয় যে আগন্তুক এমাহৰ ভিতৰত সংগঠনটোৱে পাক অধিকৃত কাশ্মীৰ দাবীত ৰাজ্যজুৰি সভা অনুষ্ঠিত কৰিব।