NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ১২২ জন; মৃত্যু দুজনৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 31, 2021 6:59 am
blue-covid

বিগত দিনৰ তুলনাত যোৱা ২৪ ঘন্টাত গোলাঘাটত অৱনমিত হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা।

জিলাখনত দেওবাৰে ৯৫৩ জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল আৰু ইয়াৰে ১২২ জনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে।

যোৱা ২৪ ঘন্টাত নতুনকৈ পুনৰ দুজন ৰোগীৰ মৃত্যুৰ হোৱাত ৬১ জনলৈ বৃদ্ধি পালে ক’ভিডত মৃত্যুৰ সংখ্যা।

একেদৰে সৰ্বমুঠ ৫৪৫৩ জন ক’ভিড ৰোগীৰ ভিতৰত বৰ্তমান ১৫৮০ লোকৰ শৰীৰত সক্ৰিয় হৈ আছে এই ভাইৰাছ।

নতুনকৈ চিনাক্ত হোৱা ১২২ জন আক্ৰান্তৰ ভিতৰত আছে বোকাখাতত ২২, সৰুপথাৰত ১৫,মিছামৰাত ৭, শ্বহীদ কুশল কোঁৱৰ ক’ভিড হাস্পাতালত ১ ,চাৰিঙীয়াত ১২,মৰঙীত ৯, ৱাৰ্ডত ৯, নাৰ্চিংহ’মত ১, আৰ টি পি চি আৰ ত ৪৬ জন।

ক’ভিডত নতুনকৈ  মৃত্যু হোৱা দুজন লোক হৈছে, সৰুপথাৰ কৰ্দৈগুৰিৰ পুনিৰাম কুৰ্মী (৪০) আৰু গোলাঘাট ফৰকাটিঙৰ হৰি দে (৫০)।