NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2021 7:44 am
Assam-CM-offers-a-gamosa-to-JP-Nadda-1140x570

নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক দেওবাৰে তেওঁৰ বাসভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই নাড্ডাক অসম চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে।

‘’আজি সন্ধিয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰো আৰু অসম চৰকাৰে কেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিজন দৃঢ়তাৰে আগবঢ়াই নিছে সেয়া অৱগত কৰো। মই নাড্ডাক অসমত বিজেপিয়ে কেনেকৈ কাম কৰি আছে সেই বিষয়ে জনাওঁ আৰু লগতে তেওঁৰ পৰামৰ্শ বিচাৰো,’’- দেওবাৰে সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই কয়।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে এয়া এক সৌজন্যমূলক সাক্ষাৎ আছিল। মুখ্যমন্ত্ৰীগৰাকী দিল্লীত অহা ৩ জুনলৈকে থাকিব।

মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে নতুন দিল্লীলৈ গৈছে।

নতুন দিল্লীত থকা সময়ছোৱাত মুখ্যমন্ত্ৰী শৰ্মাই উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু আন কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ভ্ৰমণৰ সময়ত নাইডু, বিৰলা আৰু শ্বাহক তেওঁৰ চৰকাৰে কোভিড-১৯ অতিমাৰী কেনেদৰে মোকাবিলা কৰিছে সেই বিষয়ে অৱগত কৰিব।